ETV Bharat / state

Web series Krishnasura.com poster release:কৃষ্ণচূড়া ডট কম ৱেব ছিৰিজৰ পোষ্টাৰ মুকলি

author img

By

Published : Aug 8, 2023, 10:34 PM IST

২৫ আগষ্টত আহি আছে নতুন অসমীয়া ৱেব ছিৰিজ কৃষ্ণচূড়া ডট কম । মংগলবাৰে মুকলি কৰা হয় ৱেব চিৰিজ খনৰ পোষ্টাৰ । পোষ্টাৰ মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ।

Krishnasura.com
কৃষ্ণচূড়া ডট কম ৱেব ছিৰিজৰ পোষ্টাৰ মুকলি

কৃষ্ণচূড়া ডট কম ৱেব ছিৰিজৰ পোষ্টাৰ মুকলি

গুৱাহাটী, 8 আগষ্ট : মংগলবাৰে মুকলি কৰা হ’ল প্ৰণৱ ভৰালীৰ পৰিচালনাত নিৰ্মাণ কৰা নতুন অসমীয়া ৱেব ছিৰিজ "কৃষ্ণচূড়া ডট কম"ৰ পোষ্টাৰ । ৱেব ছিৰিজখনৰ পোষ্টাৰ মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে । পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে যুৱ অভিনেতা কমল লোচন, পৰিচালক প্ৰণৱ ভৰালীৰ লগতে ৱেব ছিৰিজখনৰ সমূহ কলা কুশলী ।

প্ৰণৱ ভৰালীৰ পৰিচালনাত নিৰ্মাণ কৰা নতুন অসমীয়া ৱেব ছিৰিজখনত অভিনয় কৰিছে যুৱ অভিনেতা কমল লোচন, প্ৰীতি প্ৰিয়দৰ্শিনী আৰু কুইন শিৱমৰ লগতে বহু কলা কুশলীয়ে । প্ৰায় ৪০০০ কলা-কুশলীক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত, ছাত্ৰ জীৱনৰ বিভিন্ন কাহিনী আৰু কা আন্দোলনৰ সময়ৰ আধাৰত নিৰ্মাণ কৰা হৈছে কৃষ্ণচূড়া ডট কম ।

২৫ আগষ্টত Reeldrama App ত উপলব্ধ হ’ব ৱেব ছিৰিজখন । পোষ্টাৰ মুকলি কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি জুবিন গাৰ্গে কয়, "কৃষ্ণচূড়া ডট কম ৱেব ছিৰিজখনৰ কাহিনীত ছাত্ৰ সকল জড়িত হৈ আছে । নতুন নতুন চিন্তাৰে কাম কৰাটো বিচাৰো । ভাৰতত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ৱেব ছিৰিজ নিৰ্মাণ হৈছে । অসমতো তেনেদৰে হওক । কা অসমৰ এটা ইতিহাস" ।

ৱেব ছিৰিজখনৰ ট্ৰেইলাৰ মুকলিৰ পিচতেই কংগ্ৰেছ দলে প্ৰযোজনা কৰা বুলি কৰা একাংশই কৰা মন্তব্যৰ সন্দৰ্ভত জুবিন গাৰ্গে কয়-‘প্ৰযোজনা কোনে কৰিছে সেইটো ডাঙৰ কথা নহয় । কাম ভাল হ’লেই হ’ল । মোৰ কোনো পাৰ্টী নাই । কংগ্ৰেছ- বিজেপি সকলো একেই’ ।

"কা"ৰ সন্দৰ্ভত তেওঁ কয় যে "কা" ক লৈ তেওঁৰ স্থিতি একেই আছে । ‘মই কথা নুঘূৰাও কেতিয়াও, কথা ঘূৰোৱা মানুহ পৃথিৱীত বহুত আছে । মই অকলেই থাকি গ’লো আৰু মই অকলেই সুখী আৰু শক্তিশালী’, এইবুলি মন্তব্য কৰে তেওঁ । কৃষ্ণচূড়া ডট কম ৱেব ছিৰিজখন সকলোকে চাবলৈ অনুৰোধ কৰে কণ্ঠশিল্পীগৰাকীয়ে ।

লগতে পঢ়ক : Zubeen Garg Painting: ৰঙিয়াত ‘অযান্ত্ৰিক’ নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.