Attack of armyworms: চহা কৃষকৰ সপোনৰ ধাননি ডৰাত শূঁৰ পোকৰ উপদ্ৰৱ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 1:45 PM IST

thumbnail

বিহপুৰীয়া, 13 নৱেম্বৰ : মূৰৰ ঘাম মাটি পেলাই খেতি কৰি কৃষক ৰাইজৰ মাজত এতিয়া হাহাকাৰ ৷ কিয়নো সোণোৱালী হৈ পৰা চহা কৃষকৰ সপোনৰ ধাননি ডৰাত শূঁৰ পোকে চলাইছে উপদ্ৰৱ ৷ শূঁৰ পোকৰ উপদ্ৰৱ বাবে হাহাকাৰ কৰিব লগা হৈছে চহা কৃষক ৰাইজ ৷

বিশেষকৈ বিহপুৰীয়াৰ সান্দহখোৱাত শূঁৰ পোকৰ বাবে মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে কৃষকৰ ৷ শূঁৰ পোকৰ বাবে হুমুনিয়াহ কাঢ়িব লগা হৈছে কৃষকসকলে ৷

উল্লেখ্য যে, কাতি মাহৰ পহিলা সপ্তাহৰ পৰাই চহা কৃষকসকল পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত থাকিব লগা হয় ৷ কিন্তু শূঁৰ পোকৰ উপদ্ৰৱে এতিয়া চহা কৃষকে সাঁচি ৰখা সপোনবোৰো থান বান কৰি পেলাইছে ৷ এইক্ষেত্ৰত কৃষি বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Sootea Paddy fields :থোকে থোকে শূঁৰ পোকে খহাইছে পকিবলৈ ধৰা ধান, হাহকাৰ কৃষক ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.