The Nameri National Park: বনকৰ্মীৰ অভিযানত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাৰণাস্ত্ৰ উদ্ধাৰ

By

Published : Jul 22, 2023, 9:12 PM IST

thumbnail

শোণিতপুৰ,21 জুলাই: বন বিভাগৰ বৃহৎ সফলতা ৷ শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শনিবাৰে এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰে। উদ্যানখনৰ বনকৰ্মীয়ে উদ্ধাৰ কৰে হস্তনিৰ্মিত বন্দুকটো । জানিব পৰা মতে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনত চাৰিজনকৈ চোৰাং চিকাৰীয়ে বাহৰ পাতি আছিল । তেনে সময়তে তহলদৰী বনকৰ্মীৰ দলটোক প্ৰত্যক্ষ কৰাত চোৰাং চিকাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয়।  

ইফালে ঘটনাস্থলীত বন বিভাগৰ দলটো উপস্থিত হৈ শূন্যলৈ গুলিচালনা কৰে ৷ উল্লেখ্যে যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰা দলটোৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু দুই জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনকৰ্মীয়ে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানত এটা ঢেকীয়াপতীয়া বাঘ নিধন কৰাৰ ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়ত পুনৰ এটা বন্দুক উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ হাতত এটা ঢেকীয়াপতীয়া বাঘ নিধন হোৱাৰ চাঞ্চল্যৰ ঘটনা পোহৰলৈ আহিছে।

লগতে পঢ়ক:Tiger killing in Assam : নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘ নিধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.