ETV Bharat / state

Tiger killing in Assam : নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘ নিধন

author img

By

Published : Jul 12, 2023, 2:15 PM IST

Poachers kill leopard in Nameri National Park
নামেৰী ৰাষ্ট্ৰীয় উদ্যান

ঢেকীয়পতীয়া বাঘৰ ছালসহ কংকালৰ অৱশিষ্ট উদ্ধাৰ । নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে নিধন কৰিলে ঢেকীয়াপতীয়াটো ।

তেজপুৰ, ১২ জুলাই: শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে নিধন কৰিলে ঢেকীয়াপতীয়া বাঘ ৷ এই সন্দৰ্ভত সম্প্ৰতি মুখ খুলিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখযোগ্য যে যোৱা আঠ জুলাইত কেন্দ্ৰীয় শুল্ক বিভাগে এক অভিযান চলাই জিলাখনৰ ইটাখোলাৰ পৰা জব্দ কৰিছিল এটা ঢেকীয়পতীয়া বাঘৰ ছালসহ কংকালৰ বিভিন্ন অৱশিষ্ট ৷ ইয়াৰ পিচতেই এই গোচৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চমজি লয় আৰু যোৱা চাৰিদিন ধৰি তদন্ত অব্যাহত ৰাখে ৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰী কৰা মতে,এই ঘটনা সন্দৰ্ভত ইতিমধ্য়ে তিনিজনক আটক কৰাৰ লগতে এখন বলেৰ' গাড়ীও জব্দ কৰা হৈছে ৷ অৱশ্য়ে বাঘ হত্যাৰ ঘটনাটোৰে জড়িত মূল অভিযুক্ত বৰ্তমান পলাতক হৈ আছে । অভিযুক্তক কৰায়ত্ত কৰাৰ বাবে ক্ষিপ্ৰ তদন্ত অব্যাহত থকা বুলি কয় নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ এই অভিযুক্তক শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

উল্লেখযোগ্য যে মূল অভিযুক্তৰ ঘৰৰ পৰা এটা হস্ত নিৰ্মিত বন্দুকো উদ্ধাৰ কৰিছে বন বিভাগে ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বাফাৰ এলেকাত বিগত পাঁচ ছমাহ পূৰ্ৱে ঢেকীয়পতীয়াটোক গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ কৰিছে বন বিভাগে ৷ হত্যা কৰা এই ঢেকীয়াপতীয়া বাঘটো যোৱা বৰ্ষত উমানন্দত আতংকৰ সৃষ্টি কৰা বাঘটোৱেই বুলি বন বিভাগৰ তথ্যত প্ৰকাশ পাইছে ৷ যোৱা ডিচেম্বৰত এই বাঘটো উমানন্দত বন বিভাগে বন্দী কৰাৰ পাছত ইয়াৰ পৰা আনি নামেৰী ৰাষ্ট্ৰীয় মুকলি কৰি দিয়া হৈছিল ।

উল্লেখযোগ্য যে যোৱা ১০ জুলাইত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত গঢ়পালত আন এটা মৃত বাঘ উদ্ধাৰ হৈছিল । ষষ্ঠ সংযোজনৰ বন প্ৰাধিকাৰী খৰ্গেছ পেগুৱে ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত এটা প্ৰাপ্ত বয়স্ক ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হোৱা তথ্য প্ৰকাশ কৰে । ষষ্ঠ সংযোজনৰ অধীনত ভোজমাৰী তাপুত এসপ্তাহ পূৰ্বে প্ৰাপ্ত বয়স্ক বাঘটো মৃত্যু হোৱা বুলি বন বিভাগে জানিবলৈ দিছে ।

ইপিনে,ষষ্ঠ সংযোজনৰ বন প্ৰাধিকাৰীয়ে জনোৱা মতে, দেওবাৰে ৰাষ্ট্ৰীয় ব্যঘ্র প্ৰকল্পৰ অধীনত এটা দলৰ নেতৃত্বত মৃত বাঘটো পৰীক্ষা কৰি বিয়লি জ্বলাই দিয়ে । ষষ্ঠ সংযোজনৰ বন সংমণ্ডল নয়ন গগৈয়ে এই সন্দৰ্ভত কয় যে প্ৰায় ১০ দিন মানৰ আগত এই বাঘজনীৰ মৃত্যু হয় । ইতিমধ্যে ফৰেছিক পৰীক্ষাগাৰালৈ মৃত্যুৰ কাৰণ জানিবৰ বাবে প্ৰেৰণ কৰা হৈছে । ইয়াৰ পূৰ্বে মে'ত মৰা ডিফলুত এজনী বাঘিনীৰ মৃত্যু হৈছিল । বাঘিনীজনীৰ অন্য বাঘৰ লগত যুজত লিপ্ত হৈ মৃত্যু হৈছিল । তাৰ পিচতে প্ৰায় দুমাহৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত এই বাঘিনীজনীৰ মৃত্যু হয় ।

লগতে পঢ়ক:Journalist attack in Jorhat : সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.