Journalist attack in Jorhat : সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

By

Published : Jul 12, 2023, 10:39 AM IST

thumbnail

আমগুৰি,12 জুলাই: ৰাজ্যৰ মফচলীয় সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা, সাংবাদিক নিগ্ৰহৰ ঘটনা ৰোধ কৰা আৰু প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰ’ চীফ তথা যোৰহাট জিলাৰ সাংবাদিক উৎপল বৰাক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ মংগলবাৰে আমগুৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৰূপায়ণ কৰা হয় । শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই আমগুৰি নগৰৰ চাৰিআলিত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিকসকলে মুখত ক’লা কাপোৰ বান্ধি হাতত প্লে’-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । সাংবাদিক নিগ্ৰহ ঘটনা ৰোধ কৰক, সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক, উজনি অসমৰ ব্যুৰ’ চীফ উৎপল বৰাক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাত জড়িতক শাস্তি প্ৰদান কৰক শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

আমগুৰিৰ বহুকেইটা জাতীয় দল-সংগঠন অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আটাছু, আছু, আহোম সেনা, টাই আহোম যুৱ পৰিষদ, বীৰ লাচিত সেনা, সামাজিক মঞ্চ পোহৰকে ধৰি বহুকেইটা সংগঠনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । শিৱসাগৰ জিলা প্ৰেছ ক'ৰছপণ্ডেটছ এচ'চিয়েচন, গৌৰীসাগৰ প্ৰেছ ক্লাৱ, চেলেংহাট প্ৰেছ ক্লাৱেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । আমগুৰি চাৰিআলিত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই প্ৰতিবাদৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তলৈ আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰে । 

স্মাৰক পত্ৰত উৎপল বৰাক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে দৃৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি দিগন্ত শৰ্মা আৰু সম্পাদক সমীৰণ দুৱৰাই ।

লগতে পঢ়ক : BTR assembly session : সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বিপিএফৰ সদন ত্যাগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.