Tense Situation in Bongaigaon: বঙাইগাঁৱত ৰাইজৰ ৰোষত এ পি ডি চি এলৰ দুই কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 7:44 PM IST

thumbnail

বঙাইগাঁও, 15 অক্টোবৰ : বিদ্যুৎ বিলক লৈ বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে প্ৰহাৰ কৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ৷ বঙাইগাঁৱৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত কায়েথপাৰা মৌখোৱাত সংঘটিত হৈছে এই ঘটনা ৷

কায়েথপাৰা মৌখোৱা গাঁৱত মিটাৰ ৰিডিং কৰিবলৈ আহি ৰাইজৰ ৰোষৰ বলি হয় এ পি ডি চি এলৰ দুই কৰ্মচাৰী ৷ বিদ্যুৎ গ্ৰাহকলৈ কেতিয়াবা আহে এক লাখৰো ওপৰত আন কেতিয়াবা আকৌ 35 হাজাৰৰো অধিক বিদ্যুত মাচুল ৷ কাৰণ মিটাৰ ৰিডিং সঠিক মতে নকৰাৰ ফলতে যি মন যায় তাকে গ্ৰাহকলৈ বিল পঠাই বিদ্যুৎ বিভাগে ৷ এই অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ 

সেয়ে আছিফ আলী নামৰ এগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ কৰে স্থানীয় ৰাইজে ৷ কিন্তু সচেতন ব্যক্তিৰ প্ৰচেষ্টাত বিদ্যুৎ বিভাগৰ দুই কৰ্মচাৰী কথমপি প্ৰাণ ৰক্ষা পৰে ৷

লগতে পঢ়ক:Minor suspicious death: চিপ লাগি থকা অৱস্থাত নাবালিকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.