Minor suspicious death: চিপ লাগি থকা অৱস্থাত নাবালিকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:11 PM IST

thumbnail

বঙাইগাঁও, 15 অক্টোবৰ : বঙাইগাওঁ জিলাৰ দোলাইগাঁৱত দেওবাৰে পুৱা এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ৷ জানিব পৰা মতে কমলা খাতুম নামৰ এগৰাকী মহিলাৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰীগৰাকী ৷  চিপ লাগি থকা অৱস্থাত উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহটো ৷ 

এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বঙাইগাঁও আৰক্ষীৰ দলৰ লগতে অতিৰিক্ত আয়ুক্ত মগেন নৰহ, অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল উপস্থিত হয় ৷ বিজিত দাস নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত ভাৰতীয়া হিচাপে আছিল কমলা খাতুন নামৰ মহিলাগৰাকী । কিশোৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জানিবলৈ দিয়া মতে ফৰেনচিকৰ আৰু চিআইডিৰ দল উপস্থিত হৈ তদন্ত কৰাৰ পিচতহে কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ঘটনা পোহৰ লৈ আহিব ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বঙাইগাঁও আৰক্ষীয়ে ৷ 

লগতে পঢ়ক: Attack on BJP MLA car : উত্তৰ প্ৰদেশত বিজেপি বিধায়িকাৰ বাহনত আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.