Ankita Dutta: এইবোৰ কথাক লৈ আৰু ৰৌজাল-বৌজাল হ’ব নালাগে: ভূপেন বৰা

By

Published : Apr 19, 2023, 7:38 AM IST

Updated : Apr 19, 2023, 12:38 PM IST

thumbnail

নিউজ ডেস্ক, 19 এপ্ৰিল: ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ মুৰব্বী বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ অভিযোগ অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ (Ankita Dutta) ৷ ধাৰাবাহিকভাৱে টুইটত অংকিতা দত্তই এই অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ মুৰব্বী বি ভি শ্ৰীনিবাসৰ (IYC Srinivas BV) বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আহ্বান জনাইছে (Ankita Dutta harassment)  ৷ কিন্ত অংকিতা দত্তই কৰা এই অভিযোগ সন্দৰ্ভত তদন্তৰ বাবে কোনো তদন্ত সমিতিৰ উদ্যোগ গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰি এইয়াই ৰাহুল গান্ধীয়ে কোৱা মহিলাৰ নিৰাপদ স্থান নেকি বুলি প্ৰশ্ন কৰিছে (Ankita Dutta allegation) ৷

অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি ভূপেন বৰাই কয় যে, বয়স অনুযায়ী সকলোৰে খং উঠে ৷ যিহেতু তেওঁ এগৰাকী যুৱ নেত্ৰী সেয়েহে খঙৰ ভমকত হয়তো এনে কথা কৈছে ৷ লগতে এই সন্দৰ্ভত অংকিতা দত্তক বুজোৱা বুলি উল্লেখ কৰি বৰাই কয় যে তেওঁৰ বুজনি, তেওঁৰ কথা অংকিতা দত্তই নিশ্চয় শুনিব (Ankita Dutta on Srinivas BV) ৷   

দলৰ নেতা হৈ টানকৈ কেতিয়াবা কথা কব লগা হ'ব পাৰে, সেই কথা কাৰোবাৰ গাত লাগিব পাৰে ৷ কিন্ত সেই কথাকে লৈ ৰৌজাল-বৌজাল কৰা়টো উচিত নহয় বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ লগতে এই বিষয়টো ইমানতে শাম কটা বুলিও উল্লেখ কৰে ৷

আনহাতে অংকিতা দত্ত এগৰাকী যুঁজাৰু, তেওঁৰ দেউতাক এজন যুঁজাৰু, সেয়েহে তেওঁ যুঁজ দি যাব বুলি উল্লেখ কৰি তেওঁক যিহেতু বুজোৱা হৈছে সেয়েহে তেওঁ নিশ্চয় বুজি পাব বুলি মন্তব্য কৰে ভূপেন বৰাই ৷

লগতে পঢ়ক: Charaideo passenger bus news: বাছেৰে যাত্ৰা কৰি থকাৰ সময়তেই অকাল মৃত্যু এজনৰ

Last Updated : Apr 19, 2023, 12:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.