Angoorlata Deka Press meet: বন্দনা কলিতাক দৃষ্টান্তমূলক শাস্তি বিহাৰ আহ্বান আঙুৰলতা ডেকাৰ

By

Published : Feb 24, 2023, 8:19 PM IST

thumbnail

গোলাঘাট, ২৪ ফেব্ৰুৱাৰী : গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা (Executive meeting of State Bharatiya Janata Party Mahila Morcha) । ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই এখন সংবাদমেল সম্বোধন কৰি ৮ মাৰ্চ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা প্ৰয়াত প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ স্মৃতিত ৰাজ্যিক বঁটা প্ৰদানৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ 

সংবাদমেলত বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে (BJP Assam Mahila Morcha President Angoorlata Deka) বন্দনা কলিতাৰ নৃশংস হত্যাকাণ্ডৰ প্ৰসংগত পৰোক্ষভাৱে মন্তব্য কৰি নাম নোলোৱাকৈয়ে বন্দনা কলিতাৰ উচিত দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় (Guwahati Double Murder Case) ৷ সমান্তৰালকৈ তেওঁ এনে অপৰাধৰ ক্ষেত্ৰত চৰকাৰক আৰু অধিক কঠোৰ হ'বলৈ আহ্বান জনায় । 

তেওঁ লগতে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰা ২০০ গৰাকী মহিলা কৃষকক সম্বৰ্ধনা জনোৱাৰ কথা জানিবলৈ দিয়ে । বিজেপি চৰকাৰে বহু হাজাৰ বিঘা কৃষিভূমি বেদখলমুক্ত কৰি ৰাজ্যখনত জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰিবলৈ উৎসাহিত কৰি আহিছে বুলি উল্লেখ কৰি মহিলা মৰ্চায়ো এই ক্ষেত্ৰত পদক্ষেপ লৈ জৈৱিক কৃষিকৰ্মক উদগনি যোগাব বুলি তেওঁ জানিবলৈ দিয়ে । 

বিজেপি নেত্ৰীগৰাকীয়ে কয় যে, প্ৰায় ১০-১২ বছৰ পূৰ্বে থিয়েটাৰ কৰিবলৈ দৰং, খাৰুপেটীয়াত এতিয়া খাবলৈ বুলি কৰা খেতি পৃথক আৰু বিক্ৰী কৰিবলৈ কৰা খেতি পৃথক দেখা যায় । য'ত কৃত্ৰিম সাৰৰ প্ৰয়োগ বেছিকৈ হয় । এই পাচলিত কৃত্ৰিম সাৰৰ প্ৰয়োগ বেছি হোৱাৰ বাবেই কৰ্কট জাতীয় ৰোগৰ পয়োভৰ অসমত বেছি হৈছে । সেয়ে মহিলা মৰ্চাই এই ক্ষেত্ৰত সজাগতাৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে আঙুৰলতাই ।

আনহাতে মেচিনত বোৱা গামোচা আমাৰ অৰ্থনীতিৰ বাবে ক্ষতিকাৰক । গামোচা আৰু তাঁতশাল সন্দৰ্ভত গুৱাহাটীৰ লতাশিলত এখন ৫ দিনীয়া কৰ্মশালাৰ পৰিকল্পনা কৰাৰ কথাও কয় ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে । ইয়াৰ লগতে জিলা তথা লোকসভা পৰ্যায়ত ন-বোৱাৰী সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্তও লৈছে বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাই । বিবাহৰ পূৰ্বৰ প্ৰতিভাসমূহ বিকাশৰ বাবে বোৱাৰীসকলক এখন মঞ্চ প্ৰদানৰ পোষকতা কৰি এই সন্মিলন আয়োজন কৰাৰ সিদ্ধান্ত লয় মহিলা মৰ্চাই ।

তেওঁ লগতে আইমাতৃসকলক ড্ৰাগছৰ বিৰুদ্ধে থিয় দিয়াত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনায় ৷ কাৰণ ড্ৰাগছে ধ্বংস কৰা এটা পৰিয়ালত আটাইতকৈ বেছি কষ্ট পায় এগৰাকী মাতৃয়ে । ইফালে আজিও বহু পঞ্চায়ত বা ৰাজনৈতিক ক্ষেত্ৰত গৃহিনীয়ে পোৱা বিষয়ববীয়া পদৰ সুবিধা স্বামীয়ে উঠায় । অথবা গৃহিনীয়ে চলাব নোৱাৰাৰ বাবে স্বামীয়ে বিষয়ববীয়াৰ দায়িত্ব পৰিচালনা কৰে । এনে প্ৰেক্ষাপটত মহিলাই যদি কেৱল সংৰক্ষণত গুৰুত্ব আৰোপ কৰি থাকে, তেন্তে মহিলাৰ উন্নতি নহ'ব । সেয়েহে তেওঁ নিৰ্বাচন ইত্যাদিৰ বাবে মহিলা মৰ্চাই সংৰক্ষণতকৈ যোগ্যতাক বেছিকৈ গুৰুত্ব দিব বুলি সংবাদমেলত সদৰী কৰে ৷

লগতে পঢ়ক: Angoorlata Deka in Golaghat: স্বৰ্ণকন্যা নয়নমণি শইকীয়াৰ ঘৰলৈ হঠাৎ কিয় গ’ল আঙুৰলতা ডেকা ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.