Constituency delimitation: অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাক তুলাধুনা অংকিতা দত্তৰ

By

Published : Jun 21, 2023, 4:42 PM IST

thumbnail

আমগুৰি, ২১ জুন: "আমগুৰি এক ঐতিহাসিক সমষ্টি ৷ এটা সময়ত বিমলা প্ৰসাদ চলিহায়েও বিধান সভাত আমগুৰি সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল ৷ আমি আশা কৰিছিলো আমাৰ বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাই ইয়াৰ বিৰোধিতা কৰক ৷ দুৰ্ভাগ্যজনক যে তেখেত নিমাত হৈ থাকিল ৷ এগৰাকী শাসকীয় পক্ষৰ বিধায়ক হৈ আপুনি এই কথা গম নাপালেনে ? আপুনি বিধানসভাত কিয় এই কথা উত্থাপন নকৰিলে ?  প্ৰতিবাদ কিয় নকৰিলে ? এখন চিঠি কিয় নিলিখিলে নিৰ্বাচন আয়োগলৈ যে সমষ্টিটোৰ বিলুপ্তিকৰণ কৰিব নালাগে ? শাসকীয় পক্ষৰ বিধায়ক থকাৰ পিচতো এই ঘটনা হোৱাটো অতি দুৰ্ভাগ্যজনক ৷ আমগুৰি আমাৰ এক আবেগ, আমগুৰি ইজ এন ইমশ্যন ৷ ইয়াৰ বাবে আমি প্ৰতিবাদ কৰিম ৷ ভাৰতৰ নিৰ্বাচন আয়োগলৈ আমি স্মাৰক পত্ৰ দিম ৷" আমগুৰি সমষ্টি বিলুপ্তিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰে অংকিতা দত্তই ৷ আমগুৰি সমষ্টিৰ বৰ্তমানৰ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে অংকিতাই ৷  

অংকিতা দত্তই প্ৰশ্ন উত্থাপন কৰি কয় যে বিধায়কগৰাকীক এই দিনটোৰ কাৰণেহে সমষ্টিবাসীয়ে নিৰ্বাচিত কৰিছিল নেকি?  আমগুৰিৰ ৰাইজ আজিৰ দিনটোৰ পৰা পৰিচয়বিহীন হোৱাৰ ক্ষেত্ৰত এখোজ আগবাঢ়িল ৷  

লগতে পঢ়ক: Constituency delimitation: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.