Protest at Sonari : প্ৰতিকূল বতৰকো নেওচি ন্যায্য প্ৰাপ্তিৰ দাবীত সোণাৰিত অংগনবাড়ী কর্মী-সহায়িকাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:27 PM IST

thumbnail

ডিব্ৰুগড়, 6 অক্টোবৰ : চৰকাৰে এক প্ৰকাৰে চমক সৃষ্টি কৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও এতিয়া কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা কর্মী-সহায়িকাই নিজৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে । মুষলধাৰ বৰষুণৰ মাজতো আজি (শুকুৰবাৰ) চতুৰ্থ দিনাও অংগনবাড়ী কর্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হৈ পৰে চৰাউদেউ জিলাৰ সদৰ সোণাৰি ।

অসম চৰকাৰ হায় হায়, মাননিৰ সলনি মজুৰি দিয়ক, আমাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে ক্ষুব্ধ কর্মী-সহায়িকাসকলে । অভিযোগ অনুসৰি, কর্মী-সহায়িকাক চৰকাৰে অধিক কামৰ বোজা দিছে যদিও বিনিময়ত তেওঁলোকক কণা হাঁহক পতান দিয়াৰ দৰে দীৰ্ঘ বছৰ ধৰি অতি নিম্নমানৰ মাননি দি আহিছে ।

তেওঁলোকে মাননিৰ সলনি মজুৰি দিয়া, চাকৰি নিয়মীয়াকৰণ কৰা, চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰাকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ বাবে দীৰ্ঘ বছৰ ধৰি প্ৰতিবাদ কৰি আহিছে । কিন্তু আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

ফলত সোণাৰি নগৰৰ অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিকূল বতৰৰ মাজত হাতে হাতে ছাতি লৈ কৰ্মী আৰু সহায়িকাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কিন্তু ইমানৰ পাচতো কোনো এজন বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হোৱা নাই বুলি উল্লেখ কৰে ক্ষোভিত কর্মী- সহায়িকাসকলে ।

7 দিনীয়া এই প্ৰতিবাদৰ পাচতো যদি চৰকাৰে তেওঁলোকৰ দাবী মানি নলয়, তেন্তে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলিও চৰকাৰক এক প্ৰকাৰে সকিয়াই দিয়ে ক্ষুব্ধ অংগবাড়ী কর্মী-সহায়িকাসকলে ।

লগতে পঢ়ক : Income Tax department raid : বঙাইগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.