Income Tax department raid : বঙাইগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 1:27 PM IST

thumbnail

বঙাইগাঁও, ৬ অক্টোবৰ : বঙাইগাঁও চহৰৰ মাজমজিয়াত আয়কৰ বিভাগৰ অভিযান ৷ আয়কৰ ফাঁকি দিয়াৰ অভিযোগত বঙাইগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আখিয়া চান্দ বৈদৰ বাসগৃহত চলোৱা হৈছে এই অভিযান ৷ আজি অৰ্থাৎ শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা বাতৰি যুগুত কৰা পৰলৈকে ব্যৱসায়গৰাকীৰ বাসগৃহত আয়কৰ বিভাগৰ এটা দলে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, আয়কৰ বিভাগৰ এই দলটোত আছে ১০ পৰা ১২ জন বিষয়া ৷ বঙাইগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আখিয়া চান্দ বৈদৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা অভিযান সন্দৰ্ভত জানিব পাৰি অঞ্চলটোৰ লোকৰ মাজত বু-বু-বা-বা পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে ৷ আয়কৰ বিভাগৰ দলটোৱে ব্যৱসায়ী আখিয়া চান্দ বৈদৰ বাসগৃহত কি তথ্য লাভ কৰিছে সেই সন্দৰ্ভত বৰ্তমান পৰ্যন্ত জানিব পৰা নাই কোনো তথ্য ৷

লগতে পঢ়ক : Youth missing news : পাচিঘাটলৈ গৈ 18 আগষ্টৰ পৰা সন্ধানহীন জোনাইৰ ৰাজা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.