Anganwadi worker protest: প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অসহযোগ আন্দোলন অগনৱাড়ী কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 7:13 PM IST

thumbnail

মাণিকপুৰ, 3 অক্টোবৰ: বি টি এ ডিৰ ১০৫ টা চেন্টাৰ আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ ১৬৫ টা চেন্টাৰৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বঙাইগাঁও জিলাৰ মাণিকপুৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে কেইবা দফীয়া দাবী পূৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে উত্থাপন কৰা দাবীসমূহ হ‘ল, ‘ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত মাননি হিচাপে অগনৱাড়ী কৰ্মীৰ ১২ হাজাৰ টকা আৰু সহায়িকাৰ ১০ হাজাৰ টকাকৈ মাননি বৃদ্ধি কৰক, অৱসৰীসকলৰ এককালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰক, অসমৰ অগনৱাড়ী কৰ্মী সহায়িকাক গ্ৰেছুয়েটি দিয়াৰ ব্যৱস্থা কৰক, সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লওক, কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদত প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰক, সকলো কেন্দ্ৰসমূহৰ আন্তঃগাথঁনি সুনিশ্চিত কৰক’ ।

এই ন্যয়সংগত দাবী পূৰণৰ বাবে ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ প্ৰকল্পত, ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ জিলাত, ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ ৰাজ্যিক পৰ্যায়ত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে । ইয়াৰোপৰি ৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ কেন্দ্ৰত কৰ্তব্যৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰীয়ে । অক্টোবৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হয় । কিন্তু পোষণৰ সকলো কাম বন্ধ ৰাখিব বুলি তেওঁলোকে চৰকাৰক সকিয়াই দিয়ে । লগতে মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদন (Monthly Progress Report) দিয়া নহ’ব বুলিও মত ব্যক্ত কৰে ।

লগতে পঢ়ক : Scam in Anganwadi Centre : অংগনৱাড়ী কেন্দ্ৰত কৰ্মী-সহায়িকাই খাইছে শিশুৰ পুষ্টিকৰ খাদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.