Anganwadi worker Protest : জিলা পৰ্যায়ত আন্দোলনৰ বাবে সাজু হৈছে অংগনবাদী কৰ্মী-সহায়িকা

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:24 AM IST

Updated : Oct 5, 2023, 8:49 AM IST

thumbnail

বৰপেটাৰোড, 5 অক্টোবৰ : বৰপেটা জিলাৰ গোবৰ্ধনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ অংগনাবাদী কৰ্মী সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰায় তিনিশতাধিক অংগনবাদী কৰ্মী-সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ দৰমহা বৃদ্ধি কৰক, মাহিলী দৰমহা নিয়মীয়া কৰক আদিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাদী কৰ্মী-সহায়িকাই ৷ বুধবাৰে গোবৰ্ধনা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদীকাৰ্যসূচী ৰূপায়ন কৰে ৷

উল্লেখ্য যে সমগ্ৰ ৰাজ্যজুৰি 3 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে অংগনবাদী কৰ্মী-সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি বিভিন্ন দাবী পূৰণৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ কিন্তু চৰকাৰে কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী অংগনবাদী কৰ্মী-সহায়িকাসকলে ৷ ‘‘এতিয়া প্ৰকল্প পৰ্যায়ত হৈ আছে ৷ অহা 9 অক্টোবৰত জিলা পৰ্যায়ত আৰু পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ত আন্দোলন হ’ব ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী অংগনবাদী কৰ্মী-সহায়িকাৰ ৷

লগতে পঢ়ক:Press conference:বৰপেটা প্ৰেছ ক্লাৱত ভুৱা অধিবক্তা বুলি আটক কৰা ফাৰুক খানৰ সংবাদমেল

Last Updated : Oct 5, 2023, 8:49 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.