Protest in Udalguri:পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীত খৈৰাবাৰীত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:10 PM IST

thumbnail

ওদালগুৰি, ৪ অক্টোবৰ: অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী প্ৰকল্প কমিটীয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে সন্মুখীন হৈ থকা তিনিটা সমস্যা সমাধানৰ দাবীত আজি খৈৰাবাৰীৰ চি ডি পি অ’ কাৰ্যালয় প্ৰাংগনত এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অংগনবাড়ী কৰ্মীক ১২ হাজাৰ আৰু সহায়িকাক ১০ হাজাৰ টকা পাৰিশ্ৰমিক প্ৰদান কৰা, অৱসৰীসকলৰ এককালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰা, অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাক গ্ৰেচ্যুইটি দিয়াৰ ব্যৱস্থা কৰা, সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা প্ৰত্য়াহাৰ কৰা, কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা, অসম ৰাজ্যিক অংগনবাড়ী কেন্দ্ৰৰ গৃহ উন্নতমান বিশিষ্ট কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।  

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । যদিহে তেওঁলোকৰ দাবী চৰকাৰে মানি নলয় তেতিয়াহ'লে ইয়াতকৈ আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:World Animal Day 2023: আজি বিশ্ব প্ৰাণী দিৱস; জানো আহক কিয় আৰু কেনেকৈ এই দিৱসৰ আৰম্ভণি হ‘ল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.