ETV Bharat / sukhibhava

World Animal Day 2023: আজি বিশ্ব প্ৰাণী দিৱস; জানো আহক কিয় আৰু কেনেকৈ এই দিৱসৰ আৰম্ভণি হ‘ল

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 6:03 PM IST

Updated : Oct 4, 2023, 6:46 PM IST

জীৱ-জন্তুৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন ৷ জীৱ-জন্তুৰ অধিকাৰ, কল্যাণ আৰু সুৰক্ষাৰ বাবে বিশ্বজুৰি পালন বিশ্ব প্ৰাণী দিৱস ৷ কিন্তু কেনেকৈ আৰম্ভ হৈছিল বিশ্ব প্ৰাণী দিৱসৰ জানো আহক...

World Animal Day 2023
বিশ্ব প্ৰাণী দিৱস

আজি বিশ্ব প্ৰাণী দিৱস

বিশ্ব প্ৰাণী দিৱস বিশ্বৰ সমুদায় প্ৰাণীকূলৰ অধিকাৰ আৰু কল্যাণৰ বাবে পালন কৰা এটি আন্তৰ্জাতিক দিৱস । প্ৰতি বছৰে অক্টোবৰ মাহৰ ৪ তাৰিখে প্ৰাণীৰ চেইণ্ট, এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি পালন কৰা হয় এই দিৱস । "পৃথিৱীৰ প্ৰতিটো প্ৰান্তত প্ৰাণীৰ কল্যাণৰ মাধ্যমৰে স্থিতি উন্নীত কৰা, প্ৰাণী কল্যাণ আন্দোলনক সবল কৰা, ইয়াক আন্তৰ্জাতিক স্তৰত এক ক্ষমতালৈ উন্নীত কৰি প্ৰতিটো জীৱৰ বাবে এটি ভাল বাসস্থান গঢ়ি তোলাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য ।

দেশ, জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে বিশ্বাস আৰু ৰাজনৈতিক মতাদৰ্শ নামানি বিভিন্ন ধৰণে পালন কৰা হয় এই দিৱস । ১৯২৫ চনৰ ২৪ মার্চত ইয়াৰ আৰম্ভণি হৈছিল ৷ ইয়াৰ পিছত ১৯২৯ চনৰ ৪ অক্টোবৰত হেনকক জিম্মাৰমেন নামৰ এজন জার্মান লেখকে সৰ্বপ্ৰথমে জীৱ-জন্তুক উচৰ্গা কৰি এই দিৱস পালন কৰে ৷ পৰৱৰ্তী কালত ইটালিৰ ফ্লোৰেঞ্চ আন্তর্জাতিক প্রাণী সুৰক্ষা কংগ্রেছে ১৯৩১ চনৰ ৪ অক্টোবৰৰ দিনটোত বিশ্ব প্রাণী দিৱস হিচাবে স্বীকৃতি লাভ কৰে ৷

তেতিয়াৰে পৰা আজি পর্য‍্যন্ত প্রতিবছৰে সমগ্ৰ বিশ্বৰ প্রতিখন দেশে ৪ অক্টোবৰত এই বিশ্ব প্ৰাণী দিৱস পালন কৰে ৷ বিশ্বৰ সমগ্ৰ প্রাণীকুলৰ অধিকাৰ, সুৰক্ষা আৰু কল্যাণ সাধনৰ বাবে বিশ্ব প্রাণী দিৱস আজি পালন কৰা হৈছে ৷

এতিয়া আপোনালোকৰ মনত নিশ্চয় এই প্ৰশ্নৰ উদয় হৈছে যে, বিশ্ব প্ৰাণী দিৱস তথা এই দিৱস পালন কৰাৰ মূল কাৰণনো কি ?

World Animal Day 2023: History And All You Need To Know
আজি বিশ্ব পশু দিৱস, জানো আহক কিয় আৰু কেনেকৈ এই দিৱসৰ আৰম্ভণি হ‘ল

বিশ্ব প্রাণী দিৱসৰ বিষয়টি শুনিলেই মনলৈ আহে প্রাণীৰ বাবে এক সুৰক্ষিত পৃথিৱীৰ কথা ৷ মানুহৰ খাদ্য শৃঙ্খল ধৰি ৰখাৰ বাবে প্রাণীৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ ৷ এই পৃথিৱীত এটি সুস্থ পৰিৱেশগত ভাৰসাম্য বজায় ৰখাৰ কাৰণে প্রাণীৰ গুৰুত্ব অনেক ৷ প্রতিটো প্রাণীৰ খাদ্য শৃঙ্খলে এক অনন‍্য ব‍্যৱস্থাৰ ৰূপ দিয়ে ৷ যাৰ পৰিৱেশতন্ত্ৰ নিয়ন্ত্রণৰ ক্ষেত্ৰত বিশেষ অৱদান আছে ৷

এই পৃথিৱীৰ পৰিৱেশতন্ত্ৰত প্ৰাণীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ কিন্তু বৰ্তমান সময়ত বিলুপ্তিৰ পথত প্ৰায় বহু প্ৰাণী ৷ যাৰ ফলত আগন্তুক সময়ত পৃথিৱীত ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাৰো ধাৰণা কৰা হৈছে ৷ মানুহৰ জীৱন বহু পৰিমাণে জীৱ-জন্তু আৰু চৰাই-চিৰিকটি ওপৰত নিৰ্ভৰশীল ।

উল্লেখ্য যে, জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ভাৰতত ‘Prevention of Cruelty to Animals Act 1966’ অনা হৈছিল যদিও এই আইন প্ৰৱৰ্তনৰ পিছতো ভাৰতত জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা এতিয়াও অব্যাহত আছে । ইয়াক ৰোধ কৰিবলৈ সমগ্ৰ মানৱ জাতিটো সচেতন হোৱা উচিত ।

লগতে পঢ়ক: Dengue: ৰাজ্যত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা; সেয়ে জানি লওক ইয়াৰ কাৰণ-লক্ষণ

Last Updated : Oct 4, 2023, 6:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.