ETV Bharat / sukhibhava

Dengue: ৰাজ্যত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা; সেয়ে জানি লওক ইয়াৰ কাৰণ-লক্ষণ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:28 PM IST

ৰাজীৱ গান্ধী জৈৱ প্ৰযুক্তি কেন্দ্ৰত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে ডেংগুৰ আশংকা বৃদ্ধি হয় ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে ডেংগুৰ লক্ষণ তথা প্ৰতিৰোধৰ উপায়ৰ বিষয়ে জানি লও আহক....

Learn about the causes, symptoms and prevention of dengue
ৰাজ্যত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা; সেয়ে জানি লওক ইয়াৰ কাৰণ-লক্ষণ

অসমত ক্ৰমাৎ বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা ৷ আন সময়ৰ তুলনাত গ্ৰীষ্মকালত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয় ৷ কিয়নো এই দিনকেইটাত মহবোৰৰ অতি দ্ৰুতগতিত বংশ বৃদ্ধি হয় আৰু মানুহক সংক্ৰমিত কৰে ৷ আমি সকলোৱে জ্ঞাত যে, এডিছ মহৰ কামোৰৰ ফলত ডেংগু জ্বৰ হয় ৷ ই হৈছে এক ফ্লু-সদৃশ ৰোগ, যি ডেংগু ভাইৰাছৰ ফলত হয় ৷ ৰাজীৱ গান্ধী জৈৱ প্ৰযুক্তি কেন্দ্ৰত কৰা এক অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে ডেংগুৰ আশংকা বৃদ্ধি হয় ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে ডেংগুৰ লক্ষণ তথা প্ৰতিৰোধৰ উপায়ৰ বিষয়ে জানি লও আহক-

Learn about the causes, symptoms and prevention of dengue
ডেংগু আৰু মেলেৰিয়াৰ মুঠ ৰোগী

ডেংগুৰ লক্ষণ

ডেংগুৰ প্ৰধান লক্ষণ হৈছে জ্বৰ ৷ কিন্তু এই জ্বৰ কিশোৰ তথা শিশুৰ ক্ষেত্ৰত সহজে চিনাক্ত কৰিব নোৱাৰি ৷ ডেংগুত ১০৪ ফাৰেনহাইট ডিগ্ৰীৰ জ্বৰ হয় ৷ ইয়াৰ বাহিৰেও আন লক্ষণকেইটা হৈছে-

  • মূৰৰ বিষ
  • পেশী, হাড় আৰু গাঁঠিৰ বিষ
  • অসুস্থ অনুভৱ কৰা
  • বমি
  • চকুৰ পিছফালে বিষ
  • গ্ৰন্থি ফুলা
  • ছালত ৰঙা দাগ
  • ডেংগুৰ কাৰণ

ডেংগু-পীড়িত এলেকাত বাস কৰা

যদি আপুনি এনে এলেকাত বাস কৰে য'ত এডিছ মহৰ প্ৰাদুৰ্ভাৱ অধিক, তেতিয়া আপোনাৰ ডেংগু সংক্ৰমিত হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হয় ৷

পূৰ্বৰ সংক্ৰমণ

আগতে ডেংগু হোৱা লোকসকল ভাইৰেল সংক্ৰমণৰ পৰা মুক্ত নহয় ৷ এনে পৰিস্থিতিত তেওঁলোকৰ দ্বিতীয়বাৰৰ বাবে ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি হয় ৷

দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা

যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকৰ ডেংগু হোৱাৰ সম্ভাৱনা অধিক ৷ বৃদ্ধ লোকসকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয় ৷ আনহাতে, ডায়েবেটিচ, হাঁওফাঁওৰ ৰোগ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হয় ৷

প্লেটলেটৰ সংখ্যা কম

যেতিয়া ভুক্তভোগীৰ তেজত প্লেটলেটৰ সংখ্যা হ্ৰাস হ'বলৈ আৰম্ভ কৰে, তেতিয়া ডেংগুৰ আশংকা বৃদ্ধি হয় ৷

  • ডেংগুৰ চিকিৎসা

মহৰ প্ৰজনন ক্ষেত্ৰ নিষিদ্ধ কৰা

ডেংগুৰ প্ৰাথমিক উৎস হৈছে এডিছ মহ ৷ যিয়ে স্থিৰ পানীত প্ৰজনন কৰে ৷ আপোনাৰ ঘৰত মহৰ প্ৰজননৰ আশংকা হ্ৰাস কৰিবলৈ পানী ভৰ্তি ঠাইবোৰ তৎক্ষণাৎ পৰিস্কাৰ কৰক ৷ নিয়মিয়াকৈ নলা আৰু পানী নিষ্কাশন পাইপো চাফা কৰি থাকিব ৷

কীটনাশক ব্যৱহাৰ কৰিব

ছালত মহ নিবাৰণকাৰী প্ৰয়োগ কৰি মহৰ কামোৰাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব পাৰে ৷ যদি আপোনাৰ এলেকা বা ঘৰত অধিক মহ আছে, তেনেহ'লে মহ প্ৰতিৰোধক ব্যৱহাৰ কৰিব ৷ মনত ৰাখিব যে সেইবোৰত যাতে ডিইইটি, পিকাৰিডিন, চাইট্ৰোনেলা আৰু নেমু ইউকেলিপ্টাছ তেল অন্তৰ্ভুক্ত থাকে ৷

দীঘল হাতৰ কাপোৰ পিন্ধিব

সদায়েই ঘৰৰ সকলোয়ে দীঘল হাতৰ চাৰ্ট, দীঘল পেণ্ট পৰিধান কৰিব ৷ পাতল ৰঙৰ কাপোৰেও মহক আপোনাৰ পৰা আঁতৰাই ৰাখে ৷ সেয়েহে, পৰাপক্ষত পাতল ৰঙৰ কাপোৰ পিন্ধিব ৷

খিৰিকী-দুৱাৰ বন্ধ ৰাখিব

ঘৰত মহ প্ৰৱেশ কৰা প্ৰতিহত কৰিবলৈ খিৰিকী আৰু দুৱাৰ বন্ধ ৰখাৰ লগতে মহৰ জাল ব্যৱহাৰ কৰিব ৷ ই মহৰ পৰা সুৰক্ষা লাভ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় ৷ আনহাতে, ঘৰৰ ভিতৰত শীতল পৰিৱেশ বজাই ৰাখিবলৈ ফেন বা এয়াৰ কণ্ডিচনিং ব্যৱহাৰ কৰিব কিয়নো ঠাণ্ডা বতৰত মহৰ কাৰ্যকলাপ হ্ৰাস হয় ৷

অত্যাধিক বাহিৰলৈ যোৱা পৰিহাৰ কৰিব

সন্ধিয়া মহ আটাইতকৈ সক্ৰিয় হয়, সেয়েহে এনে সময়ত পানী ভৰ্তি হোৱা ঠাইলৈ নাযাব ৷ যদি বাহিৰলৈ যোৱাৰ বিশেষ প্ৰয়োজন হয়, সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধিব আৰু মহ প্ৰতিৰোধক প্ৰয়োগ কৰিব ৷

লগতে পঢ়ক: Mosquito-Repellent Plants: ডেংগু-মেলেৰিয়াৰ পৰা হাত সাৰিবলৈ ঘৰতে ৰোপণ কৰক এইসমূহ উদ্ভিদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.