Amritpal Singh in Dibrugarh jail: অমৃতপাল সিঙৰ ঠিকনা এতিয়া ডিব্ৰুগড় কাৰাগাৰৰ বন্ধ কুঠৰী

By

Published : Apr 23, 2023, 4:15 PM IST

thumbnail

ডিব্ৰুগড়, 23 এপ্ৰিল : অৱশেষত চৰ্চাৰ অন্ত পৰিল ৷ দেওবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ’ল বহু চৰ্চিত অমৃতপাল সিঙক (Amritpal Singh in Dibrugarh jail) ৷ দেওবাৰৰ পঞ্জাৱৰ মোগা জিলাত ৱাৰিছ পঞ্জাৱৰ দেৰ মুৰব্বী অমৃতপাল সিঙে আত্মসমৰ্পন কৰাৰ পিচতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰ পাচতেই বিশেষ বিমানেৰে তেওঁক পোনে পোনে লৈ অহা হৈছে ডিব্ৰুগড় কাৰাগাৰলৈ (Amritpal Singh taken to Dibrugarh jail in Assam) ।

ইতিমধ্যে বিশাল আৰক্ষী কনভয়ৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছে অমৃতপাল সিং ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে অমৃতপাল সিঙক (Amritpal Singh latest news) ৷ তথ্য অনুসৰি, পলাতক ঘোষণাৰ প্ৰায় 36 দিনৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অমৃতপাল সিঙক ৷

অমৃতপাল সিঙৰ সৈতে অসমলৈ পঞ্জাৱ আৰক্ষীৰ এটা বৃহৎ দলো অহা পৰিলক্ষিত হৈছে । অৱশ্যে সাংবাদিকৰ পৰা আৰম্ভ কৰি কোনো লোককে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ।

লগতে পঢ়ক : Amritpal Singh updates: কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ডিব্ৰুগড় পালেহি অমৃতপাল সিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.