ATASU Protest: নাজিৰাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Apr 29, 2023, 10:50 PM IST

thumbnail

আমগুৰি, ২৯ এপ্ৰিল: জনজাতিকৰণৰ দাবীৰে শনিবাৰে শিৱসাগৰৰ নাজিৰাত সদৌ টাই আহোম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী (All Tai Ahom Students Union protest in Nazira) । চেৰেকাপাৰৰ ঐতিহাসিক আতন বুঢ়াগোঢ়াই ক্ষেত্ৰৰ পৰা গড়গাঁৱৰ কাৰেংঘৰৰ বাকৰিলৈকে মটৰ চাইকেল ৰেলীৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।  

আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ ঘোষণা কৰাৰ দাবীৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্য্যসূচী(ATASU Protest in Nazira) । আহোম জনগোষ্ঠীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ তথা আহোম জনগোষ্ঠীসকলৰ জনজাতিকৰণৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাই দাবী জনাই আহিছে । কিন্তু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ লগতে নিৰ্বাচনৰ সময় কেৱল মাত্ৰ প্ৰতিশ্ৰুতি পূৰণৰ আশ্ৰাস প্ৰদান কৰি দায়িত্ব সামৰাৰ অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ ।  

সমান্তৰালকৈ চৰকাৰে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক "মন কি বাত" অনুষ্ঠানৰ বাবে যি ৰূপ সজ্জাৰে সজ্জিত কৰি উলিয়াইছে এই ক্ষেত্ৰত স্বাভাৱিকতে ক্ষুন্ন হৈ উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU react Ranghar Colour Controversy) । তেওঁলোকৰ মতে ৰংঘৰত কৰা আলোক সজ্জা কেতিয়াও মানি ল'ব নোৱাৰি লগতে চৰকাৰে ৰংঘৰৰ প্ৰকৃত সৌন্দৰ্য ম্লান কৰি ধৰ্মীয়কৰণ আৰু ৰাজনীতিকৰণ কৰাৰ দিশটো গ্ৰহণযোগ্য বিষয় নহয় বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: Assam youth dies in Haryana: বহিঃৰাজ্যৰ কাৰাগাৰত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.