আমি এনেকৈ ওলাই আহিবলৈ নিবিচাৰো, কিন্তু কামৰ মূল্য বিচাৰি ৰাস্তালৈ...

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:27 PM IST

thumbnail

তিতাবৰ, 22 নৱেম্বৰ : তিতাবৰত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তীব্ৰ প্ৰতিবাদ । নিজৰ প্ৰাপ্যৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজপথলৈ ওলাই আহিল শিক্ষক-শিক্ষয়িত্ৰী । আইন সংশোধন কৰি হ’লেও বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰাৰ দাবী টেট শিক্ষকসকলৰ । অন্যথা সদৌ অসম টেট উৰ্ত্তীণ শিক্ষক সমাজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ ।

ডিভাইড এণ্ড ৰুল মানি নলও, বেতন সুৰক্ষা আমাক লাগিবই, No Regular No Rest আদি শ্লোগানেৰে প্ৰতিবাদমুখৰ হৈ পৰে তিতাবৰ । তিতাবৰ শিক্ষা খণ্ড সমিতিৰ উদ্যোগত টেট উৰ্ত্তীণ শিক্ষক সমাজে তিতাবৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

শিক্ষামন্ত্ৰীয়ে দিয়া এটা মন্তব্যৰ পিচতে হতাশগ্ৰস্ত হৈ পৰে শিক্ষকসকল । মন্ত্ৰীজনে দিয়া মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি শিক্ষকসকলে শ্ৰেণীকোঠা এৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে । ইয়াৰ পিচতো যদি চৰকাৰৰ গা নলৰে তেন্তে দিছপুৰ আৰু দিল্লী কপোৱাৰ হুংকাৰ শিক্ষক সমাজৰ ।

লগতে পঢ়ক : নিজ প্ৰাপ্যৰ দাবীত বিদ্যালয় এৰি পথত বহিল শিক্ষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.