Protest in Tinsukia: জনজাতিকৰণ নহ’লে ই ভি এমত দিয়া হ’ব প্ৰত্যুত্তৰ: মটক ছাত্ৰ সন্থা

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 6:19 PM IST

thumbnail

তিনিচুকীয়া, ১৯ অক্টোবৰ : অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মটক জনগোষ্ঠীৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে বৰগুৰিস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ মটক জনগোষ্ঠীক জনজাতিকৰণৰ লগতে আন ছটাকৈ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷ বিগত প্ৰায় 27 টা বছৰে এই জনগোষ্ঠীটোৱে জনজাতিকৰণৰ দাবী তুলি আহিছে যদিও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাৰেই আলোচনাত মূল বিষয়টোৰ পৰা ফালৰি কাটি তেওঁলোকক বিভিন্ন ৰাজনৈতিক টোপ দি আহিছে বুলি সংগঠনৰ নেতৃত্বই মন্তব্য কৰে ৷

সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে প্ৰায় এঘণ্টা ধৰি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷  এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জনগোষ্ঠীটোক উন্নয়নৰ কাৰণে প্ৰদান কৰা আৰ্থিক অনুদানৰ পৰিমাণ বৃদ্ধি কৰিবলৈয়ো দাবী জনায় সংগঠনটোৱে ৷ অন্যথা অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Protest against illegal coal traders : মাৰ্ঘেৰিটাত অবৈধ কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.