Protest against illegal coal traders : মাৰ্ঘেৰিটাত অবৈধ কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:35 PM IST

thumbnail

তিনিচুকীয়া, ১৬ অক্টোবৰ: অবৈধ কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছ ৷ সোমবাৰে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু হাপজান ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত অবৈধ কয়লা খননৰ ফলত অবাধ হাৰত বনাঞ্চল ধ্বংসৰ প্ৰতিবাদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ লগতে মাৰ্ঘেৰিটাত বহিঃৰাজ্যৰ ব্যৱসায়ীৰ পৰা উদ্যোগ কাঢ়ি বে-আইনীভাৱে হস্তগত কৰা বিজেপি নেতাৰ ওপৰত তদন্ত কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ 

ইয়াৰ পিচতে প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটা ৰাজীৱ ভৱনৰ পৰা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল উলিয়াই চৰকাৰী বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন বিধায়ক ৰাজু চাহু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জয়ন্ত কলিতাকে ধৰি মহিলা কংগ্ৰেছৰ নেত্ৰী শোভা দত্তৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Anjan Nath Murder case: ত্ৰিকোণ প্ৰেমৰ পৰিণতিত হত্যাৰ বলি হ’ল অঞ্জন !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.