Ali Ai ligang festival 2023: দিচাংমুখৰ আলি আঃয়ে লৃগাঙত মিচিং ডেকা গাভৰুৰ পাৰভঙা উচাহ

By

Published : Feb 15, 2023, 6:30 PM IST

thumbnail

শিৱসাগৰ, 15 ফেব্ৰুৱাৰী: আজি আলি আঃয়ে লৃগাং উপলক্ষে দিচাংমুখত দেখা গ’ল এক মনোমোহা পৰিৱেশ ৷ ঐনিতমৰ সুৰত চঞ্চল দিচাং নদীৰ চাপৰি (Ali Ai ligang festival 2023) । মিচিং জনগোষ্ঠীৰ এক পৰম্পৰাগত কৃষি ভিত্তিক উৎসৱ হৈছে আলি আঃয়ে লৃগাং । ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে লৃগাং পালন কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিছে এই উৎসৱ (Ali Ai ligang celebrates in Assam) ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ আজি শিৱসাগৰ জিলাৰ দিচাংমুখতো উদযাপন কৰা হৈছে আলি আঃয়ে লৃগাং । মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা, অৰ্থাৎ আলি আঃয়ে লৃগাং মানে শস্য সিঁচাৰ প্ৰথমটো দিন । সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নৃত্য-গীত কৰে (Mishings Ali Ai Ligang Festival in Assam) ।

আলি আঃয়ে লৃগাং উৎসৱৰ মুখ্য আৰু প্ৰধান লোকাচাৰ অনুসৰি এই দিনটোত পথাৰত শস্য সিঁচা হয় (Ali Aye Ligang festival of Mishings Society)। ইয়াৰ বাবে পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২-৩ ফুট বহল আৰু ৩-৪ ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয় । পুৱাতে ঘৰৰ গৃহস্থই 'ইগিন'ত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে, পঃৰ আপং (পৰম্পৰাগত পানীয়), পুৰাং (তৰা পাতত সিজোৱা টোপোলা ভাত), আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ (মেগেলা গছ), কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদি ভৰাই লৈ পথাৰলৈ যায় ।

পথাৰলৈ যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক, পূৰ্ব পুৰুষসকলক সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভকাৰ্যত সফলতা লাভৰ মানসেৰে আৰ্শীবাদ কামনা কৰে । খেতিপথাৰৰ নিৰ্দিষ্ট ঠাইডোখৰত মেগেলা গছবোৰ পুতি দি কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত ছটিয়াই চাকি গছি জ্বলাই দি পুৰাং, আপং, মাছ আদি খাদ্য সামগ্ৰী বিলাক আগবঢ়াই দিয়ে । তাৰ পাচত সোঁহাতত আহুধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চেদি-মেল, আৰাধ্য দেৱ-দেৱী দঞি-পল (বেলি-জোন), কাৰ্ছিং-কাৰ্তাং (গ্ৰহ-নক্ষত্ৰ)-ক সাক্ষী কৰি ধৰিত্ৰী শস্য-শ্যামলা হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাই বীজ সিঁচে ।

লৃগাং উপলক্ষে আজি দিচাংমুখত দেখা পোৱা গ’ল মিচিং ডেকা-গাভৰুৰ পাৰভঙা উৎসাহ (Ali Ai ligang celebrates in Disangmukh) । ঐনিতমৰ সুৰত, ঢোলৰ গুমগুমনিত কঁপি উঠে দিচাং নদীৰ পাৰ । নৈপৰীয়া মিচিং লোকসকলে আজিৰ দিনটোত নিজ নিজ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি ব্যাপক উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰ সৈতে পালন কৰে আলি আই লৃগাং উৎসৱ ।

লগতে পঢ়ক: Ali Ai ligang festival 2023: তিনিচুকীয়াতো উদযাপন মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.