ETV Bharat / state

Ali Ai ligang festival 2023: তিনিচুকীয়াতো উদযাপন মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

author img

By

Published : Feb 15, 2023, 5:27 PM IST

Ali Ai ligang festival celebrates in Tinsukia
তিনিচুকীয়াত উদযাপন আলি আঃয়ে লৃগাং

আজি ৰাজ্যজুৰি মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিছে আলি আঃয়ে লৃগাং (Ali Ai ligang 2023) ৷ তিনিচুকীয়াতো উলহ-মালহেৰে উদযাপন কৰিছে এই উৎসৱ ৷ মিচিং ডেকা-গাভৰুৱে ঢোলৰ ছেৱে ছেৱে ঐনিতম গাই গুমৰাগ নৃত্য কৰা দেখা যায় ।

তিনিচুকীয়াত উদযাপন আলি আঃয়ে লৃগাং

তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰী: আজি আলি আঃয়ে লৃগাং (Ali Ai ligang) ৷ অসমৰ বাৰেৰহণীয়া সংস্কৃতিত মুকুতা হৈ জিলিকি থকা অসমৰ অন্যতম জনগোষ্ঠী তথা ভূমিপুত্ৰ স্বৰূপ মিচিংসকলৰ কৃষিভিত্তিক পৱিত্ৰ উৎসৱ হৈছে আলি আঃয়ে লৃগাং ৷ প্ৰত্যেক বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পালন কৰা হয় এই উৎসৱ । এই উৎসৱক কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় ।

প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় ৷ সেই প্ৰস্তাৱ মৰ্মেই তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় আলি আঃয়ে লৃগাং (Ali Ai ligang 2023) ।

মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা, অৰ্থাৎ আলি আঃয়ে লৃগাং মানে শস্য সিঁচাৰ প্ৰথমটো দিন । সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে (Ali Aye Ligang festival of Mishings Society)।

উল্লেখ্য যে, মিচিং সকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি । ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয় এই দিনটোত ৷ গুমৰাগৰ ছন্দ, ঐনিতমৰ মধুৰ সুৰৰ মূৰ্চ্ছনাত মুখৰিত এই কৃষিভিত্তিক উৎসৱে সাতামপুৰুষীয়া সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি সকলোৰে জীৱনলৈ অনাবিল সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি লোকবিশ্বাস ।

আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিছে আলি আঃয়ে লৃগাং (Ali Ai Ligang Festival celebrates in Assam) ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাও ৷ তিনিচুকীয়া জিলাতো মিচিং জনগোষ্ঠীৰ লোকসকলে অতি উলহ-মালহেৰে বৰদলৈ নগৰত উদযাপন কৰিছে আলি আঃয়ে লৃগাং (Ali Ai ligang celebrates in Tinsukia) ৷

আজিৰ দিনটোত সকলোৱে একত্ৰিত হৈ পুৰণি পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে (Mishings Ali Ai Ligang Festival in Assam) ৷ লগতে মিচিং ডেকা-গাভৰুৱে ঢোলৰ ছেৱে ছেৱে ঐনিতম গাই গুমৰাগ নৃত্য কৰাও পৰিলক্ষিত হৈছে । মুঠৰ ওপৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে জিলাখনৰ বৰদলৈ নগৰত ৷

লগতে পঢ়ক: Ali Ai Ligang 2023: ঐনিতমৰ সুৰেৰে মুখৰিত গহপুৰৰ আকাশ-বতাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.