ETV Bharat / state

Ali Ai Ligang 2023: ঐনিতমৰ সুৰেৰে মুখৰিত গহপুৰৰ আকাশ-বতাহ

author img

By

Published : Feb 15, 2023, 1:55 PM IST

Mising community celebrating Ali Aye Ligang
ঐনিতমৰ সুৰেৰে মুখৰিত গহপুৰৰ আকাশ-বতাহ

আজি ফাগুনৰ প্ৰথমটো বুধবাৰ । ৰাজ্যজুৰি অসমৰ অন্য়তম খিলঞ্জীয়া জনগোষ্ঠী মিচিং সকলে আজি উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ হেঁপাহৰ আলি-আয়ে-লৃগাং । গহপুৰতো আলি-আয়ে-লৃগাং উপলক্ষে দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ(Ali Ai Ligang celebration at Gahpur) ।

ঐনিতমৰ সুৰেৰে মুখৰিত গহপুৰৰ আকাশ-বতাহ

বিশ্বনাথ, ১৫ ফেব্ৰুৱাৰী: বসন্তৰ বতৰা লৈ, ধৰা ধুসৰিত কৰা পছোৱাৰ বুকুত উঠি ফাগুন আহিল । পলাশ শিমলুৰে ৰঙীণ হৈছে আকাশ-বতাহ । লঠঙা হৈছে বিৰিখৰ পাত । চৌদিশে দেখা গৈছে এখন অভিমানী প্ৰেমৰ দলিছা । চাৰিওফালে কিবা শুকান শুকান ধূলিৰে ধূসৰ পৰিবেশ, মাজে মাজে এজাক মলয়াই কৈছে এয়া দুষ্ট ফাগুন । আৰু এই চঞ্চলা ফাগুন আহিলেই পলাশ, মদাৰ আৰু শিমলু ফুলে আকাশ ৰাঙলী কৰাৰ সমান্তৰালকৈ উৎফুল্লিত হৈ পৰে মিচিং জনগোষ্ঠীৰ লোকসকল ।

কিয়নো মিচিং জনগোষ্ঠীৰ লোকসকলে ফাগুনতে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ হেঁপাহৰ আলি-আয়ে-লৃগাং (Ali Ai Ligang in Assam) । আজি ফাগুনৰ প্রথম বুধবাৰ ৷ ফাগুন মাহৰ প্রথমটো বুধবাৰে মিচিংসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে আলি-আয়ে-লৃগাং(Mising community celebrating Ali Aye Ligang) ৷ অসমৰ প্ৰতি খন মিচিং গাঁৱত উলহ মালহেৰে উদযাপন কৰিছে আলি-আয়ে-লৃগাং ৷

ৰাজ্য বিভিন্ন প্ৰাপ্তৰ সমান্তৰালভাৱে গহপুৰ সমষ্টিৰ লেপেটাপাৰাৰ মিচিং জনগোষ্ঠীৰ ৰাইজে আজি উদযাপন কৰিছে আলি-আয়ে-লৃগাং(Ali Ai Ligang celebration at Gahpur) । মিচিং কনেংসকলে ৰিবি গাচেং, কেবৰেগ, এগে–গাচৰ আৰু য়ামে অৰ্থাৎ ডেকাসকলে মিবুগালুক, গনৰ উগন, দুমেৰ আদি মিচিং পৰম্পৰাগত সাজ–পোছা পৰিধান কৰি লৃগাঙত নাচিবলৈ ওলাই আহিল আজি পুৱাই(Ali Aye Ligang of Mising community) । ৰাজ্য আন আন প্ৰান্তৰ দৰেই বিশ্বনাথৰ গহপুৰ সমষ্টিৰ মিচিং জনগোষ্ঠীৰ ৰাইজেও লৃগাঙত প্রয়োজনীয় পৰ আপং অৰ্থাৎ ছাই মদ, পুৰাং আপিন অৰ্থাৎ তৰাপাতত দিয়া ভাত, পিৰ অৰ্থাৎ খাগৰি, আলু, কচু, আহু ধানৰ কঠীয়া আদি ৰোপণ কৰা দেখা গ'ল আজি ৷

আজি লৃগাঙৰ দিনা পুৱা নির্বাচিত মিগম অৰ্থাৎ মিচিং জনগোষ্ঠীয় সমাজৰ মূল ব্যক্তি আৰু মিগমৰ পত্নীক ঘৰৰ পৰা ঢ়োলে–ডগৰে লৃগাং উদযাপন স্থানলৈ আদৰি আনি মিগম আৰু মিগমনীৰ দ্বাৰা গুমৰাগ নৃত্য–গীতৰ মাজেৰে লৃগাঙৰ মূল কার্য ‘লৃগগদ’ অৰ্থাৎ গুটি সিঁচা কার্য সম্পাদন কৰা পিচতে ‘লৃগগদ’ত মিচিংসকলৰ পূজ্য দেৱতা দঙিপল অৰ্থাৎ সূর্য–চন্দ্রক কৃষক তথা দেশ–জাতিৰ মংগল কৰাৰ কামনা কৰি সকলোৱে প্রার্থনা জনাই ।

মূল কার্য সম্পন্ন হোৱাৰ পিছতে বিভিন্ন কলা–কৃষ্টি প্রদর্শন, গুমৰাগ নৃত্য, ঢ়োল–পেঁপা, বাঁহী, ঐনিতমৰ ছন্দত মুখৰ হৈ পৰে মিচিং জনগোষ্ঠীয় গাঁওসমূহৰ লগতে গহপুৰ সমষ্টিৰ লেপেটাপাৰাৰ গাঁৱত ।

লগতে পঢ়ক: Jyotirlinga controversy: ৰাষ্ট্ৰীয় পৰ্যায়ত জ্যোতিৰ্লিংগ বিতৰ্কত অসম চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.