Molestation case: পলাতক বিমান ৰয়ৰ গ্ৰেপ্তাৰৰ দাবীত চৰকাৰক লেই লেই চেই চেই AJYCP ৰ

By

Published : Jun 30, 2023, 7:27 PM IST

thumbnail

নলবাৰী, ৩০ জুন: ঘগ্ৰাপাৰ থানাৰ নিলম্বিত OC বিমান ৰয়ৰ নিলৰ্জ কাণ্ডকলৈ অব্য়াহত আছে ব্যাপক প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা বিমান ৰয় বৰ্তমানেও পলাতক হৈ আছে ৷ কিন্তু আৰক্ষী বিষয়াগৰাকী পলাতক হৈ থকা কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

উল্লেখ্য যে এগৰাকী কিশোৰীক থানাৰ ভিতৰতে নগ্ন হ’বলৈ বাধ্য কৰি, কিশোৰীগৰাকীৰ ফটো তোলাৰ অভিযোগ উঠিছে ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে ৷ কিশোৰীগৰাকী অমান্তি হোৱাত বিভিন্ন ভাবুকিও প্ৰদান কৰিছিল ৰয়ে ৷ থানাখনত থকা মহিলা আৰক্ষীয়েও সহায় কৰা নাছিল কিশোৰীগৰাকীক ৷ এই সকলো কথা নলবাৰী সদৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে ভুক্তভোগীয়ে ৷

ইয়াৰ পিচতেই আৰক্ষী অধীক্ষক জিপি সিঙৰ নিৰ্দেশত বিমান ৰয়ৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ লগতে প্ৰথমে নিলম্বন আৰু তাৰ পিচতে বৰ্খাস্ত কৰা হয় চাকৰিৰ পৰা ৷ কিন্তু বিমান ৰয় পলাই থকা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ৷ অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক পলুৱাই পঠিওৱাৰ অভিযোগো উত্থাপন হৈছে ৷ 

বিমান ৰয়ক গ্ৰেপ্তাৰ তথা ভুক্তভোগীক ন্যায় প্ৰদানৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একাংশ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘগ্ৰাপাৰ থানা ঘেৰাও কৰি আৰক্ষী আৰু চৰকাৰ বিৰোধী ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে সংগঠনটোৱে ৷ অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয়ক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

লগতে পঢ়ক: GP Singh Tweet : ঘগ্ৰাপাৰ কাণ্ডই হতাশাত ভোগাইছে আৰক্ষী সঞ্চালক প্ৰধানক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.