ETV Bharat / state

GP Singh Tweet : ঘগ্ৰাপাৰ কাণ্ডই হতাশাত ভোগাইছে আৰক্ষী সঞ্চালক প্ৰধানক

author img

By

Published : Jun 30, 2023, 12:24 PM IST

ঘগ্ৰাপাৰ কাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ গভীৰ উদ্বেগ ভৰা টুইট ৷ সামৰ্থ অনুসৰি ৰাজ্যবাসীক সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ।

GP Singh tweet on Ghograpar Police station case
ঘগ্ৰাপাৰ কাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ টুইট

নিউজ ডেস্ক, 30 জুন: ঘগ্ৰাপাৰ কাণ্ডই লজ্জিত কৰিছে অসম আৰক্ষীক ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই সন্দৰ্ভত বৃহস্পতিবাৰৰ নিশা এক টুইটযোগে বিষয়টো সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ নিজৰ কৰ্মজীৱনটোক সুঁৱৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে হায়দৰাবাদস্থিত এছ ভি পি নেচনেল পুলিচ একাডেমীৰ কথা উল্লেখ কৰি কয়, 'আৰক্ষী সেৱাত প্ৰৱেশ কৰাৰ সময়ত আমাক সদায় শিকোৱা হৈছিল যে থানা সকলো আৰক্ষী কৰ্মীৰ বাবে মন্দিৰ সদৃশ আৰু নাগৰিকৰ বাবে আটাইতকৈ নিৰাপদ আশ্ৰয়স্থল । আজি মই গভীৰভাৱে হতাশা আৰু যন্ত্ৰণাত ভুগিছো ।' এগৰাকী পৰিদৰ্শকে সমগ্ৰ আৰক্ষী বিভাগটোকে নিৰাশ কৰিছে বুলি উল্লেখ কৰি অসম আৰক্ষীৰ গৌৰৱ যাতে অক্ষত থাকে তাৰবাবে আৰক্ষী সঞ্চালক প্ৰধান হিচাপে সৰ্বোতোপ্ৰকাৰে যত্ন কৰা হ’ব বুলি অসমবাসীক টুইটযোগে আশ্বাস দিয়ে কৰে সিঙে ।

তেওঁ লগতে আইনগত দিশটোলৈ লক্ষ্য ৰাখি আৰু অসমৰ আৰক্ষী বাহিনীৰ মুৰব্বী তথা এগৰাকী আৰক্ষী সঞ্চালক প্ৰধান হিচাবে জঘন্য ঘটনাটোৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে টুইটত ৷ আৰক্ষী থানাবোৰ ল’ৰা-ছোৱালী, মহিলাৰ বাবে যাতে সুৰক্ষিত স্থান হৈ থাকে তাৰবাবে বদ্ধপৰিকৰ হ’বলৈ বিভাগটোত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীলৈ আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ মহিলা আৰু শিশুসকলক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত নিজৰ দায়িত্ব, কৰ্তব্য নিষ্ঠা সহকাৰে পালন নকৰাসকলে অনাগত দিনত একেই শাস্তিৰ সন্মুখীন হ’ব বুলিও সকীয়নি প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

অসম আৰক্ষীয়ে ৰাজ্যবাসীৰ স্বাৰ্থত আৰু অসমবাসীৰ সেৱাৰ বাবে নিজৰ সামৰ্থ অনুসৰি কৰ্তব্য পালন কৰি যাব বুলি টুইটযোগে অসমবাসীক আশ্বাস প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

লগতে পঢ়ক : Ghograpar Police station case: আজি আদালতত হাজিৰ কৰোৱা হ’ব ঘগ্ৰাপাৰ কাণ্ডৰ অভিযুক্ত আৰক্ষী উপ পৰিদৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.