Electricity Price hike: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 8:35 PM IST

thumbnail

ৰহা, 3 অক্টোবৰ: উৎকট গৰমে দহিছে ৰাজ্যবাসীক, তাতে বিদ্যুতৰ সঘন আহ-যাহ ৷ জীয়াতু ভুগিছে ৰাইজে ৷ প্ৰতিবাদৰ জুই জ্বলিছে সমগ্ৰ ৰাজ্যতে, কিন্তু গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰহাতো বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ৰহা নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতি ।

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে আৰু শীঘ্ৰে বিদ্যুৎতৰ মাচুল হ্ৰাস কৰিবলৈ অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় । অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Protest in Tingkhong: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.