Citizen meeting in Dhemaji; অসমত বন্দুকৰ ঝনঝনিৰে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে; অজাপ

By

Published : Aug 8, 2023, 12:47 PM IST

thumbnail

ধেমাজি, 8 আগষ্ট : ‘‘অসমত এতিয়া বন্দুকৰ ঝনঝনিৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে চৰকাৰে ৷ এইখন চৰকাৰে হাৰিয়ানাত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণী পাৰ হ’ব চেষ্টা কৰিছে ৷ আমাৰ এইখন শংকৰ আজানৰ দেশ ৷ অসমত সকলোৱে একেলগে সম্প্ৰীতিৰে জীয়াই থাকিব বিচাৰে ৷’’ সোমবাৰে ধেমাজিত আয়োজিত এখনি নাগৰিক সভাত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰাজু ফুকনে ৷

তেওঁ আৰু কয়, ‘‘হিন্দু-মুছলমানৰ ৰাজনীতিয়ে অসমত প্ৰশ্ৰয় পোৱা নাছিল ৷ সেয়ে চৰকাৰখনে যাতে আগন্তুক দিনত সাম্প্ৰদায়িকতা বিষবাষ্পৰ বীজ গাঁৱে-ভূঞে বিয়পাব নোৱাৰে, তাৰ বাবে নাগৰিকৰ মাজত সচেতনতা আনিবৰ বাবে আয়োজন কৰা হৈছে নাগৰিক সভাৰ’’ ৷

উল্লেখ্য যে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সোমবাৰে ধেমাজি জিলা জাতীয় পৰিষদৰ উদ্যোগত হোটেল দ্যা ব্লেণ্ডৰ সভাকক্ষত এখন নাগৰিক সভা অনুষ্ঠিত কৰা হয় ৷ সভাত কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰাজু ফুকনৰ উপস্থিতিত ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিৰাজ বৰঠাকুৰৰ সভাপতিত্বত আয়োজন কৰা হয় এই নাগৰিক সভাখন ৷

এই সভাত ভাষণ প্ৰসংগত ধেমাজিৰ শিক্ষাবিদ ড৹ বুধিন্দ্ৰ বৰুৱা, ভৱিষ্য দিহিঙীয়া আৰু মোহন দাসে বৰ্তমান উগ্ৰ হিন্দুত্ববাদৰ বিজেপি চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰে ৷ লগতে সকলোকে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায় শিক্ষাবিদ ড৹ বুধিন্দ্ৰ বৰুৱা, ভৱিষ্য দিহিঙীয়া আৰু মোহন দাসে ৷

লগতে পঢ়ক : CM vigilance arrested Lat Mondol: অধিক ধনলৈ মুখ মেলি ফাটিল কোৱাৰি; গ্ৰেপ্তাৰ লুভীয়া লাট মণ্ডল নৌছাদ আলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.