ETV Bharat / state

CM vigilance arrested Lat Mondol: অধিক ধনলৈ মুখ মেলি ফাটিল কোৱাৰি; গ্ৰেপ্তাৰ লুভীয়া লাট মণ্ডল নৌছাদ আলী

author img

By

Published : Aug 8, 2023, 11:38 AM IST

লোভেই পাপ, পাপেই মৃত্যু, একাংশ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই বাক্যশাৰী যেন বাৰুকৈয়ে প্ৰযোজ্য ৷ কাৰণ চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো একাংশ কৰ্মচাৰীয়ে ঘোচ ল’বলৈ কুণ্ঠাবোধ কৰা নাই ৷ বিশেষকৈ ধন লোভী লাট মণ্ডলৰ কৰ্মকাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ গহপুৰত ধন লৈ হাত দাঙিব লগীয়া হ’ল এজন লাট মণ্ডলে ৷

CM vigilance arrested Lat Mondol
দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধন লোভী লাট মণ্ডল

ধন লোভী লাট মণ্ডল নৌছাদ আলী

বিশ্বনাথ, ৮ আগষ্ট : দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ অভিযানত ইজনৰ পিচত সিজন গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী ৷ তথাপিতো একাংশ বিষয়া-কৰ্মচাৰীয়ে সলনি কৰিব পৰা নাই নিজৰ চৰিত্ৰ ৷

ইফালে ৰাজ্যজুৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এইবাৰ টকা ঘোচ খোৱা লাট মণ্ডল পৰিছে জালত । সোমবাৰে শোণিতপুৰ জিলা গহপুৰ মহকুমাত হঠাৎ গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা ৭ জনীয়া অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল নৌছাদ আলীক ।

ইফালে গ্ৰেপ্তাৰ কৰাৰ পিচতে লাট মণ্ডল নৌছাদ আলীক অভিযানকাৰী দলটোৱে সোধপোছ কৰি নিশায়ে লৈ যায় গুৱাহাটীলৈ । জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় ২:৩০ বজাত গহপুৰ মহকুমাৰ অন্তৰ্গত গহপুৰ নগৰত থকা গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ৭ জনীয়া দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে চলাই এক অভিযান ৷ এই অভিযানত গহপুৰ ৰাজহ চক্ৰৰ ৫ নং লাটৰ লাট মণ্ডল নৌছাদ আলীক ঘোচ লোৱা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।

মাটিৰ কামৰ বাবে এগৰাকী ব্যক্তিৰ পৰা উৎকোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ হয় নৌছাদ আলী । যোৱা ৪/৫ মাহ পূৰ্বে গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ত যোগদান কৰা ধুবুৰীৰ নিবাসী নৌছাদ আলীৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছিল গহপুৰ ৰাজহ চক্ৰ কাৰ্যলয়টো ।

CM vigilance arrested Lat Mondol
দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধন লোভী লাট মণ্ডল

অভিযোগ অনুসৰি, উৎকোচ অবিহনে কাম নকৰাটো তেনেই সাধাৰণ নিয়ম আছিল নৌছাদৰ বাবে । কিন্তু লাট মণ্ডল আলীৰ বাবে সোমবাৰৰ দিনটো বেয়া আছিল । যাৰ পৰিণতিতে নৌছাদ আলীয়ে গোচ লোৱাৰ অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাৰ জালত সোমাই পৰে ৷

অভিযোগ অনুসৰি, কলাবাৰীৰ চুপহীবাৰী (দীঘলীবাৰী)ৰ সুৰেণ কাকতি নামৰ এগৰাকী ব্যক্তিৰ পৰা মাটি সম্পৰ্কীয় এটা কাম কৰি দিয়াৰ বাবদ উৎকোচ হিচাপে ১০ হাজাৰ টকা দাবী কৰিছিল ঘোচখোৰ লাট মণ্ডল নৌছাদ আলীয়ে । ঘোচ নিদিয়াৰ বাবে উক্ত কাম কৰি নিদি হাৰাশাস্তি কৰি আহিছিল সুৰেণ কাকতিক । উপায়ন্তৰ হৈ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিছিল সুৰেণ কাকতি ।

লাট মণ্ডল নৌছাদ আলীয়ে সুৰেণ কাকতিৰ পৰা দাবী কৰা ১০ হাজাৰ টকাৰ ভিতৰৰ ৪ হাজাৰ টকা উৎকোচ হিচাপে লোৱাৰ সময়তে কাৰ্যালয়ৰ কোঠাৰ ভিতৰত হাতে লোটে গ্ৰেপ্তাৰ হয় লাট মণ্ডল নৌছাদ আলী ।

লগতে পঢ়ক : CM vigilance arrested Lat Mondol: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.