Zubeen Controversy: জুবিন গাৰ্গ শিষ্টাচাৰ নজনা শিল্পী; অজাপ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:57 PM IST

thumbnail

ধেমাজি, 30 আগষ্ট: ‘‘মদৰ নিচাত মাতাল হৈ মঞ্চত বলিয়ালি কৰা এজন লোকৰ কথা অসমৰ ৰাইজে নুশুনে,’’ এই মন্তব্যৰে জুবিন গাৰ্গক উভতি ধৰিলে অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷  

ধেমাজি জিলা, অজাপৰ সাধাৰণ সম্পাদক জ্যোতিষ কোচে কয় যে ‘কা’ আন্দোলনৰ প্ৰেক্ষাপটত গঢ় লৈ উঠা দলসমূহৰ ওপৰত কৰা এনে মন্তব্য কেতিয়াও যুক্তি সংগত নহয় ৷ সেই দলসমূহে নিজৰ স্থিতিত অটল থাকি কিদৰে কাম কৰি আছে সেয়া ইতিমধ্যেই ৰাইজে দেখিছে ৷  

জুবিন গাৰ্গক শিষ্টাচাৰ নজনা এজন শিল্পী বুলি উল্লেখ কৰি মদৰ নিচাত মাতাল হৈ মঞ্চত বলিয়ালি কৰা এজন লোকৰ কথা অসমৰ ৰাইজে নুশুনে বুলি জ্যোতিষ কোচে মন্তব্য কৰে ৷ উল্লেখ্য যে অসম জাতীয় পৰিষদক ‘ফটুৱা’ দল বুলি কৈ নিজকে ছ’চিঅ’ লেফ্টিষ্ট আখ্যা দিছিল জুবিন গাৰ্গে ৷ 

লগতে পঢ়ক: Zubeen Garg controversy : অজাপ বিতৰ্ক; জুবিন গাৰ্গলৈ বিশেষ আহ্বান শংকৰজ্যোতি বৰুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.