ছাত্ৰীৰ মুখত লিপষ্টিক, মেকআপ দেখি খঙত অগ্নিশৰ্মা সাংসদ আজমল

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 2:27 PM IST

thumbnail

জনিয়া, 8 জানুৱাৰী : ৰাজনীতি বা ধৰ্মৰ নামত বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি চৰ্চা লৈ আহে সাংসদ মৌলানা বদৰুদ্দিন আজমল ৷ কোনো ৰাজনৈতিক দলৰ নেতাক সমালোচনা কৰি এইবাৰ চৰ্চালৈ অহা নাই, এইবাৰ ছাত্ৰীক উপদেশ দিবলৈ গৈ বিতৰ্কিত মন্তব্য কৰিলে সাংসদ আজমলে ৷ উল্লেখ্য যে, দেওবাৰে কলগাছিয়াত আজমল ছুপাৰ ৪০ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ যুৱতী তথা ছাত্ৰীক উদ্দেশ্যি কেইবাটাও বিতৰ্কিত মন্তব্য কৰে সাংসদ আজমলে ৷

আজমল ছুপাৰ ৪০ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ছাত্ৰীসকলক উপদেশ দি সাংসদ আজমলে কয়, ‘‘ ফিল্মত মেকআপ কৰাৰ দৰে কৰি ইয়ালৈ যে আহিছে কোনোবাই ফিল্মষ্টাৰে তোমালোকক চাবলৈ আহিব নেকি ! এইটো বিদ্যালয়ৰ অনুষ্ঠান ৷ বোৰ্খা নিপিন্ধিলেও অন্তত হিজাব পৰিধান কৰক ৷  চুলি ঢাকি ৰাখক ৷ প্ৰথমে মানুহ হওঁক, তাৰ পাছত চিকিৎসক হ’ব ৷ আমাক এনেকুৱা চিকিৎসক নালাগে যি প্ৰথমে কছাই, তাৰ পিছতহে চিকিৎসক হয় ৷ যি চিকিৎসাকে ৰোগীৰ জেপলৈ চাই চিকিৎসক কৰে তেওঁলোক সমাজৰ বাবে ক্ষতিকাৰক ৷’’

লগতে পঢ়ক : শিক্ষয়িত্ৰীক অপদস্থ কৰা যুৱকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.