শিক্ষয়িত্ৰীক অপদস্থ কৰা যুৱকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 10:12 AM IST

thumbnail

জনীয়া,৬ জানুৱাৰী: কলগাছিয়াত গুণোৎসৱৰ মাজতে শিক্ষয়িত্ৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰা উদণ্ড যুৱকক গ্ৰেপ্তাৰ । বৰপেটাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক । যুৱকজনৰ ঘৃণনীয় কাণ্ডক গৰিহণা ৰাইজৰ । বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯২৩ নং পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ চলি থকাৰ মাজতেই আতিকুৰ ৰহমান নামৰ এজন উদণ্ড যুৱকে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিতুমনি নাথক চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল ।  

কলগাছিয়াৰ আৰক্ষী আৰু বৰপেটাৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই উদণ্ড যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । স্মৰ্তব্য যে যোৱা বুধবাৰে পুৱাৰ ভাগতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী নিতুমনি নাথে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক লগত লৈ বিদ্যালয় চৌহদত চাফাই কৰ্ম চলাই আছিল যদিও কিছুমান জাবৰ-জোথৰ কাষতে থকা ছৈয়দ ছোহৰাব আলীৰ খেতিত পৰাৰ বাবে ছোহৰাবৰ পুত্ৰ আতিকুৰ ৰহমানে খঙত অগ্নিশৰ্মা হৈ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক চেণ্ডেলেৰে প্ৰহাৰ কৰি আহত কৰাৰ লগতে অশ্লীল শব্দ প্ৰয়োগ কৰি গালি-গালাজ কৰিছিল ।  

লগে লগে বিদ্য়ালয়খনত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতি । ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা উদণ্ড যুৱক আতিকুৰ ৰহমানে পলায়ন কৰিছিল যদিও অভিযান চলাই বৰপেটাৰ আৰক্ষীয়ে যোৱা নিশাত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি আৰক্ষীৰ ভূমিকাক সচেতন মহলে প্ৰশংসা কৰাৰ লগতে যুৱকজনৰ ঘৃণনীয় কাণ্ডক গৰিহণা দিছে । 

লগতে পঢ়ক: দেৰগাঁৱৰ দুৰ্ঘটনাস্থলীত নিৰ্মাণ কৰা হ'ব এটা মন্দিৰ: ভবেন্দ্ৰনাথ ভৰালী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.