Accused govt employee denies bribe allegation: উৎকোচৰ অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ ৰাতুল দত্তৰ

By

Published : Jul 15, 2023, 4:24 PM IST

thumbnail

মাজুলী, 15 জুলাই : মাজুলী জিলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মুকলিকৈ ধন সংগ্ৰহ কৰাৰ এক দৃশ্য আমাৰ কেমেৰাত আৱদ্ধ হৈছিল । উক্ত খবৰটো বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাচতেই সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশ ৷ খবৰটো প্ৰকাশ হোৱাৰ পাচতেই মুখ খুলিছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাতুল দত্তই ।

টকা সংগ্ৰহৰ যি দৃশ্য আমি আপোনালোকক দেখুৱাইছো সেয়া সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে । তেওঁ কয় কাৰোৰে পৰা তেওঁ টকা সংগ্ৰহ কৰা নাই বৰঞ্চ কোনোবাই তেওঁক চাহ একাপ আনিবলৈ অথবা জেৰক্স কৰিবলৈ যি ধন দিয়ে সেই টকাই তেওঁ লয় ৷ যদি কোনোবাই তেওঁক ফচাব বিছাৰিছে সেই বিষয়ে তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে ৰাতুল দত্তই । 

লগতে পঢ়ক : Allegation of Irregularities: মাজুলীত চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.