Abhiruchi Sports Day 2023: শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:56 PM IST

thumbnail

শিৱসাগৰ,৩ ছেপ্টেম্বৰ: শিৱসাগৰ অন্যতম ক্ৰীড়ানুষ্ঠান ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত উদযাপন কৰা হয় ৪০ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস । উত্তৰ-পূবৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটোত বিগত ৪০ বছৰে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে ।  

ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত এই দিৱসত পুৱা ৬.৩০ বজাত পতাকা উত্তোলন ৬-৪৫ বজাত শ্বহীদ তৰ্পণ, ৭:০০ বজাত অলিম্পিক শিখা প্ৰজ্বলন আৰু পুৱা ৭:১৫ বজাত সামূহিক দৌৰ অনুষ্ঠিত হয় । সামূহিক দৌৰ ৰংপুৰ জ্যোতি ক্লাবৰ পৰা আৰম্ভ হৈ আৱৰ্ত ভৱনৰ সমীপৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীত অন্ত পৰে । 

ইয়াৰ পাছতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত ক্ৰীড়া সন্থাৰ সভাপতি পোণাৰাম মিলিৰ লগতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অশ্বিনী দলেই সন্মান প্ৰদৰ্শন কৰাৰ লগতে বক্তব্য প্ৰদান কৰে । ৰংপুৰ জ্যোতি ক্লাবত ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনৰ কেক কটা পৰ্ব আৰু বিশিষ্ট খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানো সম্পন্ন হয় । আজিৰ এই অভিৰুচি ক্ৰীড়া দিৱসত শিৱসাগৰৰ বিভিন্ন ক্ৰীড়া অনুষ্ঠানৰ ক্ৰীড়ানুৰাগীৰ লগতে বিভিন্ন ক্ৰীড়া সংগঠনৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Conflict in Natun Kamalabari Satra: নতুন কমলাবাৰী সত্ৰত গৃহ কণ্ডল; দুটা ভাগত বিভক্ত হৈ পৰিৱেশন গায়ন বায়ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.