ETV Bharat / state

Conflict in Natun Kamalabari Satra: নতুন কমলাবাৰী সত্ৰত গৃহ কণ্ডল; দুটা ভাগত বিভক্ত হৈ পৰিৱেশন গায়ন বায়ন

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:38 AM IST

মাজুলী ঐতিহাসিক নতুন কমলাবাৰী সত্ৰত নজিৰ বিহীন ঘটনা ৷ অন্তঃকন্দলত জৰ্জৰিত নতুন কমলাবাৰী সত্ৰ ৷ দুটা ভাগত বিভক্ত হৈ সত্ৰৰ বৈষ্ণৱসকলে নামঘৰত পৰিৱেশন কৰিলে গায়ন বায়ন ৷

Conflict in Natun Kamalabari Satra
দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱ

দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱ

মাজুলী, 3 ছেপ্টেম্বৰ : মাজুলীৰ সত্ৰত মেলিছে ফাঁট । দুজনা গুৰুৰ মিলন ভূমি, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰৰ ভিতৰত লাগিছে গৃহ-কণ্ডল ৷ দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱ ৷ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে দুটা ভাগত বিভক্ত হৈ নামঘৰত পৰিৱেশন কৰিলে গায়ন-বায়ন ।

সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰী বদলাপদ্ম আতাৰ তিথি দিনাই মাজুলী জিলা প্ৰশাসনৰ হৈ ৰাজহ চক্ৰ বিষয়া জয়দীপ ৰজক উপস্থিত হৈ সত্ৰখনৰ ভকত সকলৰ মাজত সৃষ্টি হোৱা বিভেদ দূৰ কৰি একেলগ কৰাৰ চেষ্টা কৰিও বিফল হৈছে ৷ সত্ৰৰ পৰিচালনা সমিতিয়ে সকলো ভকত বৈষ্ণৱক এক হৈ সত্ৰৰ নিত্য নৈমিত্তিক কৰ্মসমূহ চলাই নিয়াত এক মত যদিও একাংশ ভকতে কিন্তু একেলগে সত্ৰ নিত্য নৈমিত্তিক কৰ্ম নকৰো বুলি বদ্ধপৰিকৰ হৈছে ।

প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ সময়ত একেলগে হৈছিল সত্ৰৰ যিকোনো সামাজিক ধৰ্মীয় কাম-কাজ । কিন্তু পৰিতাপৰ বিষয় সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ 1 বছৰৰ পিচতেই পুনৰ দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱসকল । সত্ৰৰ একাংশ ভকতৰ মতে, বৰ্তমান 95 জন বৈষ্ণৱ থকা সত্ৰখনৰ সকলোৱে একেলগে নৈমিত্তিক কাম-সমূহ সুচাৰুভাৱে পৰিচালনা হ’ব লাগে । কিন্তু অন্য একাংশ ভকতৰ মতে অতীতৰ পৰা চলি অহা নীতি নিয়মৰ মাজেৰেই চলিব লাগে সত্ৰখন ।

ইফালে একাংশ ভকত বৈষ্ণৱে কাৰো কথা নুশুনাৰ বাবেই মাজুলী জিলা প্ৰশাসনে বিষয়টো হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল ৷ মাজুলীৰ প্ৰশাসনে সত্ৰ বৈষ্ণৱসকলক একেলগ হৈ নৃত্য কৰ্ম চলাই নিবলৈ আহ্বান জনায়ো বিফল হৈছে । কোনো কাৰণতে একলগ নহয় নতুন কমলাবাৰীৰ একাংশ বৈষ্ণৱ । যাৰ ফলশ্ৰুতিত শনিবাৰে কোনো দিনে নোহোৱা ঘটনা ঘটিল নতুন কমলাবাৰী সত্ৰত ।

মাধৱদেৱ তিথিৰ চাউল ভোজনীৰ দিনটোতে সত্ৰৰ ঐতিহ্যত জন্মিছে ব্যাঘাত । চাৰি দিনকৈ নতুন কমলাবাৰী সত্ৰত আয়োজন কৰা মাধৱদেৱৰ তিথিত ঐতিহাসিক সত্ৰখনৰ এদল বৈষ্ণৱে পূৰ্বে গায়ন বায়ন পৰিৱেশন কৰা স্থানত গাইছে আৰু আন এদল বৈষ্ণৱে আকৌ মণিকূটৰ কাষতে পৰিৱেশন কৰে গায়ন বায়ন ।

লগতে পঢ়ক : Passenger at Guwahati Airport: যাত্ৰীৰ সংখ্যা বাঢ়িছে বৰঝাৰ বিমানকোঠত; বাঢ়িছে উৰাজাহাজৰ সংখ্যাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.