ETV Bharat / state

Passenger at Guwahati Airport: যাত্ৰীৰ সংখ্যা বাঢ়িছে বৰঝাৰ বিমানকোঠত; বাঢ়িছে উৰাজাহাজৰ সংখ্যাও

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 7:26 AM IST

পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা ৷ লগতে পাইছে বিমানৰ সংখ্যাও । বিশেষকৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে বৰঝাৰ বিমানবন্দৰৰ এক উচ্চস্তৰীয় সূত্ৰই ৷

Passenger at Guwahati Airport
বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো তথা ভাৰতৰ অন্যতম হিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে । লগতে পূৰ্বতকৈ বৃদ্ধি পাইছে বিমানৰ সংখ্যাও ।

বৰঝাৰ বিমানবন্দৰৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে, বৰঝাৰ বিমানবন্দৰত ২০ পৰা ৩০ শতাংশলৈ বৃদ্ধি পাইছে যাত্ৰীৰ সংখ্যা । চলিত বৰ্ষত লক্ষণীয়ভাৱে এই হাৰ বৃদ্ধি পাইছে । বৰঝাৰ বিমানবন্দৰৰ সূত্ৰটোয়ে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰায় ৪.৮ লাখ বিমানযাত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠলৈ আহিছে । যিটো বিগত বছৰৰ আগষ্ট মাহৰ তুলনাত প্ৰায় ৩১ শতাংশলৈ বৃদ্ধি হৈছে ।

উল্লেখনীয় যে, চলিত বর্ষৰ আগষ্ট মাহত বৰঝাৰ বিমানবন্দৰৰ এটা দিনত সৰ্বাধিক বিমান যাত্ৰীৰ সংখ্যা আছিল ১৬,৯৩৩ জন । তদুপৰি আগষ্ট মাহৰ এটা দিনতেই সৰ্বাধিক বিমান উৰণ-অৱতৰণৰ সংখ্যা আছিল ১৩৩ খন । গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সৰ্বাধিক যাত্ৰী অহা যোৱা কৰা চাৰিটা শীৰ্ষ ৰাষ্ট্ৰীয় গন্তব্যস্থান হৈছে ইম্ফল, দিল্লী, কলকাতা আৰু বাংগালুৰু । একেদৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সৰ্বাধিক যাত্ৰী অহা যোৱা কৰা দুটা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান হৈছে ছিংগাপুৰ আৰু ভূটান।

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত ৩৮৩৯ খন বিমানৰ উৰণ-অৱতৰণ হৈছে । যিটো বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰিসংখ্যাতকৈ প্ৰায় ১৪ শতাংশ বেছি । বৰ্দ্ধিত বিমানযাত্ৰীৰ সংখাই বিমান বৃদ্ধিৰো সূচনা কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে ।

ইয়াৰ বিপৰীতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানকোঠত চলিত বৰ্ষৰ জুলাই মাহত প্ৰায় ৫ লাখ যাত্ৰীৰ সংখ্যাই অভিলেখ সৃষ্টি কৰে । ইপিনে অহা অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'বলগীয়া আগন্তুক শীতকালীন অনুসূচীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানকোঠ কৰ্তৃপক্ষই বিমান যাত্ৰীৰ লগতে বিমানৰ সংখ্যা ধাৰাবাহিক বৃদ্ধিৰ পোৱাৰ আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Aditya L1 launch : আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ পাছত ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.