শোণিতপুৰবাসীক ধন্যবাদ জ্ঞাপন বিজেপিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ - Lok Sabha Election Results 2024
Lok Sabha Election Results 2024: প্ৰায় ৩ লাখ ৫৭ হাজাৰ ভোটত বিজয় ধ্বজা উৰুৱালে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই । কৰ্মকৰ্তাৰ মাজত আনন্দ-উল্লাস । বিজয় উৎসৱত সংগ দিলে মন্ত্ৰী অশোক সিংহলৰ লগতে তেজপুৰ,ৰঙাপাৰা আৰু বৰচলা সমষ্টিৰ বিধায়ক তথা দলীয় কৰ্মকৰ্তাসকলে ।

Published : June 4, 2024 at 10:16 PM IST
তেজপুৰ,৪ জুন: শেষ হাঁহি মাৰিলে ৰঞ্জিত দত্তই । শোণিতপুৰ লোকসভা সমষ্টিত প্ৰায় ৩ লাখ ৫৭ হাজাৰ ভোটত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই । দৰং মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ ৰঞ্জিত দত্তই শোণিতপুৰ সমষ্টিৰ আটাইকেইজন বিধায়কক তেওঁৰ বিজয়ৰ কৃতিত্ব প্ৰদান কৰে । শোণিতপুৰবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কামৰ বাবেই বিজেপিৰ বৃহৎ জয় সম্ভৱ হৈছে মন্তব্য কৰে ৰঞ্জিত দত্তই ।
লগতে তেওঁ কয় যে "সংসদীয় সমষ্টিৰ লোকে আমাক যথেষ্ট মৰম দিছে আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা উন্নয়নৰ বাবে এইদৰে বিজপিক আঁকোৱালি লৈছে ।" সমষ্টিবাসীৰ লগতে সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে দত্তই । পৰৱৰ্তী সময়ত সমষ্টিৰ জনতাৰ বাবে, অসমৰ ৰাইজৰ স্বাৰ্থত মাত মাতি যাব বুলি তেওঁ মন্তব্য আগবঢ়ায় ।
লগতে পঢ়ক: বৃহৎ ভোটৰ ব্যৱধানত জয়ৰ ইংগিত ৰঞ্জিত দত্তৰ - LOK SABHA ELECTION RESULTS 2024
মন্ত্ৰী অশোক সিংহলৰ লগতে তেজপুৰ,ৰঙাপাৰা আৰু বৰচলা সমষ্টিৰ বিধায়ক উপস্থিত থাকি বিজেপি প্ৰাৰ্থীগৰাকীৰ বিজয়ত উল্লাসত অংশগ্ৰহণ কৰে । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৭,৬৮,২৭০ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪,১০,৪৭০ টা ভোট লাভ কৰে । ৩,৫৭,৮০০ ভোটৰ ব্যৱধানত বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় দত্তই ।
আনহাতে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে দত্তক সংগ দি কয় যে , অসমত বিজেপি মিত্ৰ দলে ১১ খন আসন পূৰ্বতে কেতিয়াও লাভ কৰা নাছিল আৰু এয়া এক অভিলেখ । এই অভিলেখৰে বিজেপিয়ে অসমত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল । লগতে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই হ'ব বুলি মন্তব্য কৰে সিংহলে ।
লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

