Abhiruchi Sports Day: নৰ্থ মঙলদৈ ক্লাৱৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস পালন

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:29 PM IST

thumbnail

মঙলদৈ, 3 ছেপ্টেম্বৰ : আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ বিভিন্ন স্থানতো পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷ মঙলদৈৰ নৰ্থ মঙলদৈ ক্লাবে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে 40 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, সামূহীয়া দৌৰ, মঙলদৈ চহৰত শোভাযাত্ৰা লগতে বিভিন্ন প্ৰতিযোগিতাৰে আৰম্ভ কৰা হয় কাৰ্যসূচী ।

উক্ত কাৰ্যসূচীত কেইবাগৰাকীও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা কেইবাগৰাকীও খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় । ক্ৰীড়া দিৱসৰ দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে দৰং জিলাৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত আছিল মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা পৰিষদৰ কায্যবাহী অভিযন্তা ভৱেন বৰ্মন, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈক ধৰি ক্ৰীড়া প্ৰেমী আৰু স্থানীয় লোক ৷

লগতে পঢ়ক:Mangaldoi Ratna Samman : দুদিনীয়াকৈ অনুষ্ঠিত হ’ব মঙলদৈ নাগৰিক মঞ্চৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.