ETV Bharat / state

Mangaldoi Ratna Samman : দুদিনীয়াকৈ অনুষ্ঠিত হ’ব মঙলদৈ নাগৰিক মঞ্চৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 2:15 PM IST

বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ নগেন্দ্ৰ নাথ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়ালৈ মঙলদৈ ৰত্ন সন্মান ৷ 9 ছেপ্টেম্বৰত মঙলদৈ নাগৰিক মঞ্চই প্ৰদান কৰিব সন্মান ৷

Mangaldoi Ratna Samman
ডঃ নগেন্দ্ৰ নাথ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়ালৈ প্ৰদান কৰা হ’ব মঙলদৈ ৰত্ন সন্মান

দৰং, 2 ছেপ্টেম্বৰ: বৃহত্তৰ মঙলদৈ অঞ্চলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশৰ উত্তৰণৰ বাবে 2011 চনত গঠিত মঙলদৈ নাগৰিক মঞ্চৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা 8 আৰু 9 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব । অধিৱেশন উপলক্ষে মঙলদৈৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ মঙলদৈ ৰত্ন সন্মান প্ৰদান কৰা হ’ব । মঙলদৈ ৰত্ন সন্মানৰ বাবে নিৰ্বাচিত কৰা হয় মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ নগেন্দ্ৰ নাথ শৰ্মা আৰু বিশিষ্ট শিক্ষাবিদ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, মঙলদৈ সনাতন ধৰ্মসভাৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সাহিত্যিক ফুলেন্দ্ৰ নাথ চহৰীয়াক ।

মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেন বণিয়া আৰু সম্পাদক মুকুট ৰাজ শৰ্মাই জনোৱা মতে মঞ্চৰ সাধাৰণ সভাত দুয়োগৰাকী বিশিষ্ট লোকৰ নাম হৰ্ষধব্বনিৰে প্ৰস্তাৱ কৰা হৈছে । আনহাতে দৰঙী কলা কৃষ্টিৰ সেৱক গিৰিধৰ কলিতা, বিশিষ্ট মাষ্টাৰ্চ এথেলেটিকছ গণপতি নাথ আৰু অৰবিন্দ ডেকা, প্ৰফুল্ল নগৰৰ পৰা অসম অসামৰিক সেৱা পৰীক্ষাত সুখ্যতিৰে উত্তীৰ্ণ নৱজিৎ ভাগৱতীক সম্বৰ্ধনা জনোৱা হ’ব । দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হ’বলগীয়া অধিৱেশনৰ প্ৰথম দিনা সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা স্মৃতি চাৰণৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব ।

আনহাতে, বিয়লি 3 বজাত সাধাৰণ সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব । উক্ত সভা উদ্বোধন কৰিব আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে । উক্ত সভাত বিশিষ্ট সাহিত্যিক ঘনশ্যাম ৰাজবংশী , অৱসৰী শিক্ষা বিষয়া যাদব শইকীয়া আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব । অধিৱেশনৰ দ্বিতীয় দিনা পুৱা 8 বজাত পতাকা উত্তোলন কৰিব সভাপতি হৰেন বণিয়াই ।

9 বজাত স্মৃতি তৰ্পন কৰিব মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ভাস্কৰ জ্যোতি ডেকাই । আনহাতে, বন্তি প্ৰজ্বলন কৰিব মোৱামাৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখা বিশ্বাস, ধৰ্মপ্ৰাণা মহিলা সাবিত্ৰী ওজা, সমাজ সেৱিকা ৰুক্মিণী দেৱী আৰু মুহিলা দেৱীয়ে । মঞ্চৰ মূল প্ৰৱেশ পথত নিৰ্মাণ কৰা ৰঞ্জিত ওজা সোঁৱৰণি স্থায়ী তোৰণ উন্মোচন কৰিব দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে ।

উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব জিলা অ’বিচি বোৰ্ডৰ অধ্যক্ষ জিন্টু বৰুৱা, আৰক্ষী উপ-পৰিদৰ্শক কংকন ৰাজবংশী আৰু মোৱামাৰি গাওঁ পঞ্চায়তৰ সচিব অজিত বৰাই । দিনৰ 11 বজাত অনুস্থিত হ’ব মুকলি সভা । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে উদ্বোধন কৰিবলগীয়া মুকলি সভাত সাংসদ দিলীপ শইকীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । সভাত অধিৱেশন উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব প্ৰাক্তন ৰাজহ মন্ত্ৰী ডঃ জয়নাথ শৰ্মাই ।

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে এছআৰডি উদ্যোগৰ সঞ্চালক মুকুল চন্দ্ৰ ডেকা, ওদালগুৰি সদৰ মহকুমাধিপতি শশী কুমাৰ ডেকা, মঙলদৈ ৰাজহ চক্ৰ বিষয়া নয়ন পাঠক, বিশিষ্ট যুৱ নেতা জোনজ্যোতি কাশ্যপ আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱাই অংশগ্ৰহণ কৰিব । সন্ধিয়া বন্তি প্ৰজ্বলনৰে অধিবেশনৰ সামৰণি পৰিব ।

অধিৱেশনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে নাগৰিক মঞ্চই ।

লগতে পঢ়ক: Flood in Assam : গোৱালপাৰাত ভদীয়া বানৰ তাণ্ডৱ; মূৰে-কপালে হাত দিছে চহা খেতিয়কে; নিৰ্বিকাৰ ভূমিকাত জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.