AASA Protest : জনজাতিকৰণৰ দাবীত কলিয়াবৰত আছাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:49 PM IST

thumbnail

কলিয়াবৰ,29 আগষ্ট : কলিয়াবৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰতিবাদ ৷ আদিবাসী সকলক জনজাতিকৰণৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ লগতে কেইবাটাও দাবীত কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আছাই ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক টী ট্ৰাইব, এক্স টী ট্ৰাইব, টী গাৰ্ডেন লেবাৰ ইত্যাদি নামৰ সলনি চাওঁতাল, ওৰাং, মুণ্ডা, গাঁড়, খৰিয়া আদি নামেৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে ৷ তদুপৰিও অসমৰ আদিবাসী সকলক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ আদিবাসী জাতীয় মঞ্চক কতৃত্ব প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে আছাই ৷

‘‘যদি নিৰ্বাচনৰে পূৰ্বে এই দাবীসমূহ পূৰণ নকৰিলে যি দৰে 2014 চনত বিজেপিক আদৰি লৈছিলো,ঠিক সেই দৰে বিদায় দিয়া হ’ব 2024 ত ৷ বাৰে বাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পাচত সকলো পাহৰি যায় ৷ আমাক কোনো সাংসদ নেতা নালাগে যি নিজকে আদিবাসীৰ অভিভাৱক বুলি নিজকে জাহিৰ কৰে ৷’’ এই মন্তব্য প্ৰতিবাদকাৰীৰ ৷

লগতে পঢ়ক:Road Accident at Kaliabor:কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.