Road Accident at Kaliabor:কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:31 PM IST

thumbnail

কলিয়াবৰ, 26 আগষ্ট : শনিবাৰে কলিয়াবৰৰ মিছাৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা । গুৱাহাটীৰ পৰা লখিমপুৰৰ লালুকলৈ গৈ থকা অৱস্থাত মিছা আৰক্ষী চকীৰ সমীপত ৰখাই থোৱা ডাম্পাৰত এখন ব‍্যক্তিগত ফিগ’ বাহনে খুন্দা মাৰে ৷

উক্ত দুৰ্ঘটনাত জিণ্টী বিশ্বাস (৩০) নামৰ এগৰাকী মহিলা থিতাতে নিহত হয় । বাহনখনত থকা শিশুসহ আন পাঁচজন যাত্ৰী আহত হয় । ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ আহত যাত্ৰী কেইগৰাকীক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আহত ব্যক্তি কেইগৰাকী ক্ৰমে – বীৰেণ বিশ্বাস (১৪), লোকনাথ ৰয় (১৮), সৌৰভ কৰ (৩১), পলি বিশ্বাস (২০), ৰাজীৱ বিশ্বাস (১৭) । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ বি কিউ ৪৩৩৯ ।

লগতে পঢ়ক : Road accident in Dhubri: ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰি আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.