AAMSU President Reaction on CM: মুখ্যমন্ত্ৰীৰ কথাত আমছু থমকি নৰয়: আমছু

By

Published : Jan 3, 2023, 8:11 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

মুখ্যমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ (AAMSU president reacted on CM comments) । মঙলবাৰে বঙাইগাঁৱত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আমছুৱে সকলো কথাতে মাত মাতিব নালাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমছুৰ সভাপতিগৰাকীয়ে (CM comments on AAMSU) । আমছুৰ সভাপতি ৰেজাউল কৰিমৰ দাবী, মুখ্যমন্ত্ৰীয়ে সংবিধান মানি নচলে । আনহাতে, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ শাৰীত থিয় হোৱাৰো আহ্বান জনায় আমছুৰ সভাপতিগৰাকীয়ে (AAMSU criticized Himanta Biswa Sarma) । লগতে আমছুৱে সংখ্যালঘু আৰু অসমৰ স্বাৰ্থত সদায় মাত মাতি যাব বুলিও হুংকাৰ দিয়ে । আনহাতে, মুখ্যমন্ত্ৰীৰ কথা মতে আমছু থমকি নৰয় বুলিও তেওঁ উল্লেখ কৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.