Fagun in Assam : অঁকৰা কবিৰ সৈতে চুপতি মাৰিবলৈ আকৌ আহিল ফাগুন

By

Published : Feb 14, 2023, 7:57 PM IST

thumbnail

কলিয়াবৰ, 14 ফেব্ৰুৱাৰী : ফাগুন এক মায়া সনা শিহৰণৰ নাম ৷ এই ফাগুনক লৈ কবি-গীতিকাৰে কত যে কল্পনা কৰে ৷ বহুতে ফাগুনক বদনামী বুলি ক’লেও কিন্তু ফাগুনৰ নিজা মাদকতা আছে ৷ সেয়ে হয়তো প্ৰসিদ্ধ কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ কলমেৰে নিগৰিছিল, ‘‘মোকতো পোৱাই চিনি, মই যে ফাগুন । অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম ।’’ গীতটো আছে ফাগুনৰ বন্দন ৷ প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ ‘‘মোৰ ফাগুন আছেহি আহি ৰৈ , তোমাৰ কথাকে ক'বলৈ ৷’’ গীতটিয়ে দি যায় ফাগুনৰ সংজ্ঞা ৷ 

হয়, মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাৰ অফুৰন্ত আশাৰ দিন এতিয়া ৷ এয়া যে বাউলি ফাগুন !  পলাশ-মদাৰ-শিমলুৱে ৰঙীন কৰিছে ছাঁইৰঙী আকাশ ৷ ফাগুনে যাদু জানে, ধূলিয়ৰি বাটতো ৰঙীন সপোন লৈ অনুভৱী মনত ভাৱনাৰ জোৱাৰ তোলে ফাগুনে । ফাগুনক লৈ কত যে মান-অভিমানৰ খেলা, তাৰ মাজতেই ৰঙৰ মেলা, মন-প্ৰাণ হৰি নিয়ে ফাগুনে ৷ যাদুৰ কাঠিৰে উতলা ফাগুনে পলাশ, মদাৰ, শিমলুক সজাই তোলে (Beauty of Fagun month)।

এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয় ৰঙীন বৈচিত্ৰময় নাচোন, আনফালে লৃগাঙৰ আনন্দত মতলীয়া মিছিং ডেকা-গাভৰু (Ali Ai Ligang Festival) ৷  ঐনিঃতমৰ তালে তালে, গুমৰাগত মুখৰিত দিচাং, দিখৌ, জাঁজি, সোৱণশিৰিৰ পাৰ ৷

ফাগুনে ৰং লগাব জানে, ফাগুনে ৰং বিলাব জানে ৷ সেয়ে হয়তো এই ফাগুনতেই পালন কৰা হয় প্ৰাণৰ হোলী উৎসৱ (Holi in Assam)৷ আবিৰৰ ৰঙেৰে ফাগুনী আকাশ হৈ পৰে ৰঙীন (Colour of Fagun)৷ উদাস, উন্মনা, উতনুৱা, নিলাজ, ধূসৰ, চঞ্চল আদি অনেক বদনাম থাকিলেও এক অজান শিহৰণেৰে ফাগুনে পুলকিত কৰে মন ৷ দি যায় নতুনৰ বতৰা ৷ সেয়ে কোৱা হয়, ফাগুন অনন্য ৷

লগতে পঢ়ক: Flood effects Raha : বাৰিষা আহিল..দুশ্চিন্তাত ভুগিছে ৰহাবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.