ETV Bharat / state

Flood effects Raha : বাৰিষা আহিল..দুশ্চিন্তাত ভুগিছে ৰহাবাসী

author img

By

Published : Feb 14, 2023, 1:05 PM IST

যোৱা বছৰে বানে ভগা মথাউৰি আৰু গুৰুত্বপূৰ্ণ পথ আজিও মেৰামতি নকৰিলে চৰকাৰে । যাৰ বাবে ৰহাবাসী আতংকিত হৈ পৰিছে (Public worried about floods in Raha)। বাৰিষালৈ কেইমাহমান বাকী থকা সময়ত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে ৰহাবাসী ।

Flood effects Raha
দুশ্চিন্তাত ভুগিছে ৰহাবাসী

দুশ্চিন্তাত ৰহাবাসী

ৰহা, ১৪ ফেব্ৰুৱাৰী : বাৰিষালৈ মাজত মাত্ৰ কেইটামান মাহ বাকী । বাৰিষাৰ পূৰ্বে এতিয়া সমস্যাত পৰিছে নগাঁও জিলাৰ কেইটাও অঞ্চলৰ ৰাইজ । যোৱা বছৰত বানত বিধ্বস্ত পথ আজিলৈ নিৰ্মাণ নোহোৱাত শংকিত হৈ পৰিছে ৰাইজ । অতি শীঘ্ৰে বানত ভগা পথ নিৰ্মাণ কৰিবলৈ দাবী ৰাইজৰ (Public demand construction of flood ravaged road)।

উল্লেখ্য যে বিগত বছৰত বানে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নগাঁও জিলাৰ ৰহাৰ ৰহাচকী, হাৰিয়ামুখ, দুৰ্গাজান আদি অঞ্চলত (Flood effects Raha)। কিন্তু আজিলৈ বান বিধ্বস্ত অঞ্চলত চৰকাৰে বাট-পথ তথা মথাউৰি নিৰ্মাণৰ কাম নকৰিলে যাৰ বাবে ৰাইজ পুনৰ চিন্তিত হৈ পৰিছে । ৰাইজৰ অভিযোগ কথা দি কথা নাৰাখিলে চৰকাৰে । মুখ্যমন্ত্ৰীয়েও পাহৰিলে প্ৰতিশ্ৰুতি কথা ।

ইফালে বানে ভগা উন্মুক্ত মথাউৰিক লৈ শংকিত হৈ পৰিছে ৰহাবাসী । কাৰণ বাৰিষালৈ মাজত মাত্ৰ দুমাহ বাকী । যোৱা বছৰ বানে ভগা কলঙৰ মথাউৰি তথা নদীবান্ধ আজিও মেৰামতি বা পুনৰ নিৰ্মাণ নহ'ল । আজিও উন্মুক্ত কলঙৰ বানে ভগা মথাউৰি তথা যাতায়াত একমাত্ৰ পথ । বানৰ সময়ৰ ভয়াৱহ পৰিস্থিতিৰ কথা স্মৰণ কৰি আজিও শুব পৰা নাই ৰহাৰ বৃহত্তৰ দুৰ্গাজান, ৰহাচকী, হাৰিয়ামুখ আদি অঞ্চলৰ ৰাইজে । অনাহূত বিপদৰ আশংকাত দিন কটাইছে অঞ্চলবাসীয়ে । কিন্তু ইয়াৰ বিপৰীতে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে চৰকাৰে (Govt negligence in flood ravaged areas)।

উল্লেখ্য যে যোৱা বছৰ কলঙৰ প্ৰলয়ংকৰী বানে ৰহাৰ ৰহাচকীৰ পৰা হাৰিয়ামুখ-দুৰ্গাজান-দেউবালি কাকতিগাঁৱলৈকে সমগ্ৰ ফুলগুৰি-মোলানকটা কলঙৰ মথাউৰি তচ-নচ কৰি ৰহাৰ লগতে মৰিগাঁও জিলাৰ অধিকাংশ অঞ্চল প্লাৱিত কৰিছিল (Floods in Nagaon)। বহুতৰে ঘৰ দুৱাৰ ভঙাৰ লগতে ধ্বংস কৰিছিল খেতি পথাৰ । ২০২২ বৰ্ষত দুটাকৈ প্ৰলয়ংকাৰী বানে তচ-নচ কৰি থৈ গৈছিল মধ্য অসমৰ ৰহাক ।

বানত অত্যধিক ক্ষতিসাধন হৈছিল ৰহাৰ ৰহাচকী, দুৰ্গাজান অঞ্চলত । আপোন ঘৰখন হেৰুৱাই আজিও অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে বহু পৰিয়ালে । পিছে আজিও মেৰামতি নহ'ল গুৰুত্বপূৰ্ণ মথাউৰি । ইফালে কলঙৰ বানে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়ত ৰাইজক তথাকথিত সহানুভূতি দেখুৱাবলৈ অঞ্চলটোলৈ আহিছিল বহু মন্ত্ৰী । বানৰ মাজত দুৰ্যোগ প্ৰশমন বিভাগৰ নাৱেৰে নৌকাবিহাৰো কৰিলে ।

আনকি স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰহাৰ বিভিন্ন আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ খবৰ লৈ বানৰ পিছতে কলঙৰ বান্ধ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলে । প্ৰায় দুমাহ যাতায়াত স্তব্ধ হৈ পৰিছিল অঞ্চলটোত । বানৰ পাছত ভগা মথাউৰিৰ ওপৰত লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰি দিলে বাঁহৰ দলং । খৰালি পথৰ পৰা উপপথ নিৰ্মাণ কৰি কোনোমতে যাতায়াত অব্যাহত ৰাখিছে ৰাইজে । কিন্তু আজিকোপতি অঞ্চলটোৰ বানে ভগা মথাউৰিৰ মেৰামতিৰ কোনো কাম নকৰিলে চৰকাৰে ।

বাৰিষালৈ বেছি দিন নাই । এই দুমাহতে বানে ভগা মথাউৰি পুনৰ নিৰ্মাণ নকৰিলে আগন্তুক দিনত পুনৰ এক ভয়াৱহ দুৰ্যোগ ভুগিব লাগিব ৰহাবাসীয়ে । সেয়ে অঞ্চলবাসীৰ অনুৰোধ, মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰাখক । বানে ভগা মথাউৰি তথা পথটো মেৰামতি নকৰিলে পুনৰ এক চৰম দুৰ্যোগত পৰিব সমগ্ৰ ৰহা ।

লগতে পঢ়ক :Bura Chapori Eviction: তেজপুৰৰ বুঢ়া চাপৰিত আজি প্ৰশাসনে চলাব বুলড’জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.