Road accident in Dhemaji : ধেমাজিৰ গুৱাল তিনিআলিত দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন যুৱকৰ

By

Published : May 20, 2023, 10:05 PM IST

thumbnail

ধেমাজি, 20 মে’ : ধেমাজিত অঘটন ৷ শনিবাৰে ধেমাজি নগৰৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাল তিনিআলিত বিয়লি প্ৰায় 3 বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Dhemaji) ৷ এখন তীব্ৰবেগী স্কৰপিঅ’ৰ খুন্দাত নিহত হয় এজন বাইকত আৰোহী আৰু গুৰুত্বৰভাৱে আহত হয় বাইকত থকা আন এগৰাকী আৰোহী ৷

নিহত বাইক আৰোহীজনৰ নাম নিৰঞ্জন বৰদলৈ বুলি জানিব পৰা গৈছে ৷ আহত বাইক আৰোহীগৰাকী নিহত নিৰঞ্জনৰ পত্নী বুলি জানিব পৰা গৈছে ৷ এই পথ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে CCTV কেমেৰাত ৷ তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS07 M1513 আৰু দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে AS06AE7323 ৷

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনসহ বাহনৰ গৰাকীক ধেমাজি আৰক্ষী থানাত ৰখা হৈছে ৷ ইপিনে প্ৰায় 39 বয়সীয়া অমায়িক স্বভাৱৰ যুৱক নিৰঞ্জন বৰদলৈৰ অকাল মৃত্যুত ধেমাজি নগৰৰ নলনিপাম (5নং) ৱাৰ্ডত পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : New SP of Nagaon : নগাঁৱৰ নতুন SP হিচাবে নিযুক্ত হ’ল নৱনীত মহন্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.