New SP of Nagaon : নগাঁৱৰ নতুন SP হিচাবে নিযুক্ত হ’ল নৱনীত মহন্ত

author img

By

Published : May 20, 2023, 7:57 PM IST

New SP of Nagaon

নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰিব হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক নৱনীল মহন্ত । আৰক্ষী অধীক্ষক লীলা দলেৰ বদলিৰ পিচত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে নৱনীত মহন্তক (New SP of Nagaon) ।

নগাঁও, ২০ মে’ : অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে শনিবাৰে বদলি কৰা হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক । জোনমণি ৰাভা মৃত্যু সংঘটিত হোৱাৰ সময়ত থকা আৰক্ষী অধীক্ষক লীনা দলেক শনিবাৰে হাইলাকান্দিলৈ বদলি কৰাৰ লগতে হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাবে বদলি কৰা হয় (Navneet Mahanta appointed as a SP of Nagaon)। আনহাতে, লখিমপুৰত আৰক্ষী অধীক্ষক হিচাবে নিযুক্তি দিয়া হৈছে IPS বিষয়া আনন্দ মিশ্ৰক ৷

আনহাতে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পাচতে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছিল এখন বিশেষ জাননী ৷ সেই জাননী অনুসৰি, জিলাখনৰ বিভিন্ন আৰক্ষী থানা তথা আৰক্ষী চকীত কৰ্মৰত ১৪৮ জনকৈ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ দিয়া হৈছিল (148 police personal transferred in Nagaon) ।

নগাঁও আৰক্ষী বদলি সমিতিৰ সিদ্ধান্ত মৰ্মে জিলাখনৰ আৰক্ষী অধীক্ষক লীনা দলেৰ এক নিৰ্দেশ অনুযায়ী বদলি কৰিছিল নগাঁও আৰক্ষীৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত ১৪৮ গৰাকীকৈ কনিষ্টবলক । অসম আৰক্ষী আইন, ২০০৭-ৰ ৪৬ নম্বৰ ধাৰা অনুসৰি এই বদলিৰ নিৰ্দেশ দিয়া হৈছিল ।

লগতে পঢ়ক : Crime in Nagaon : নগঞাৰ প্ৰশ্ন- অপৰাধীৰ সৈতে মিলি আছে নেকি নগাঁও আৰক্ষী ?

জিলাখনত কৰ্মৰত হৈ থকা কনিষ্টবলক বদলিৰ পাচতে আজি অৰ্থাৎ শনিবাৰে অসম আৰক্ষীৰ ফালৰ পৰা বদলি কৰা হৈছে আৰক্ষী বিষয়া লীনা দলে আৰু নৱনীত মহন্তক (New SP of Nagaon) ৷ ইফালে শনিবাৰে অসম আৰক্ষী সঞ্চালক জি পি সিঙে উল্লেখ কৰা অনুসৰি, CID ৰ হাতৰ পৰা CBI লৈ স্থানান্তৰ কৰা হৈছে SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া ৷

শনিবাৰে নগাঁও থানাৰ আৰক্ষী অধীক্ষক লীনা দলেক তাৎক্ষণিকভাৱে বদলি (SP Leena Doley transferred) কৰাৰ পাচতে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাকো বদলি কৰা হয় ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে নগাঁও আৰু লখিমপুৰ জিলাৰ মুঠ চাৰিগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল ৷ ইয়াৰ ভিতৰত আছিল ASP(অপৰাধ) ৰূপজ্যোতি কলিতা, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, লখিমপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈচা আৰক্ষী চকীৰ SI সঞ্জীৱ বৰা ৷

লগতে পঢ়ক : Nagaon SP Leena Dole : নগাঁৱৰ ১৪৮ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.