Accident in Barpeta: বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এটি শিশু

By

Published : Nov 28, 2022, 9:09 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা(Accident in Barpeta) । বৰপেটাৰ নগাঁওৰ কঠালগুৰিত হয় এই দুৰ্ঘটনাটো । এখন তীব্ৰ বেগী মালবাহী বলেৰ' পিক আপ বাহনে মহতিয়াই নিয়ে শিশুটিক । নিহত শিশুটিৰ নাম মফিজুল আলী(৫)। শিশুটিৰ ঘৰ নগাঁওৰ নিকটতম হাঁহচৰাত(One child died in accident in Barpeta) । বৰপেটাৰ পৰা সৰ্থেবাৰী অভিমুখী আছিল বাহনখন । পিতৃ ৰবিৱালৰ সৈতে শিশুটিয়ে পথাৰৰ পৰা ঘৰলৈ ম'হ নিবলৈ আহোতেই সংঘটিত হয় এই দুৰ্ঘটনাটো । বৰপেটা আৰক্ষীৰ এটি দল উপস্থিত হৈ ঘটনাৰ বুজ লয় । নিহত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.