77th independence day : বাক্সাৰ সদৰ মুছলপুৰত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2023, 3:16 PM IST

thumbnail

বাক্সা, ১৫ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বাক্সা জিলা সদৰ মুছলপুৰতো দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় । মুছলপুৰ বাথৌগুৰী ক্ৰীড়া কমপ্লেক্স খেল পথাৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ইয়াৰ পিচতে জাতীয় পতাকা উত্তোলন কৰে বাক্সা জিলাৰ উপায়ুক্ত মাছান্দা মেগডালিন পাৰ্টিনে ৷ পতাকা উত্তোলন কৰাৰ পাচতে স্বাধীনতা দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে । পৰৱৰ্তী পৰ্যায়ত উপায়ুক্ত মাছান্দা মেগডালিন পাৰ্টিনে বাক্সাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী তথা জোৱান পৰা চালামী অভিবাদন গ্ৰহণ কৰে ।

জিলাখনৰ স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাকো স্বাধীনতা দিৱসৰ দিনাই সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰায় সহস্ৰাধিক জনসাধাৰণৰ উপস্থিতিত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক : 77th Independence Day : সোণাৰিত পতাকা উত্তোলন জিলা আয়ুক্ত পলাশ কুমাৰ আহোমৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.