Republic Day 2023: নগাঁৱত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ৰণোজ পেগুৰ

By

Published : Jan 26, 2023, 12:35 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নগাঁও, 26 জানুৱাৰী: ভাৰতবৰ্ষত প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা দেশবাসীয়ে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰে । এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছত অৰ্থাৎ ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয় ।

এইবাৰ দেশে উদযাপন কৰিছে ৭৪ তম গণৰাজ্য দিৱস উদযাপন (Republic Day 2023)। অসমৰ বিভিন্ন জিলাতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱস । বিভিন্ন জিলাত চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে এই দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে (৭৪th Republic Day celebrates in Assam) । ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ নগাঁৱতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত পালন কৰা হয় দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (৭৪th Republic Day celebrates in Nagaon)।

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Flag hoisted by education minister Ranoj Pegu) । জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু আৰু অধীক্ষক লীনা দলেৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী ৰণোজ পেগুৱে । পতাকা উত্তোলনৰ কাৰ্যসূচীত স্থানীয় বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ও উপস্থিত থাকে । কটকটীয়া নিৰাপত্তাৰ মাজত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত (Nurul Amin Stadium) অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী ৰণোজ পেগুৱে ।  

পতাকা উত্তোলন কৰি দিয়া ভাষণত প্ৰথমে ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে মন্ত্ৰী ৰণোজ পেগুৱে । পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ কথাও উল্লেখ কৰে । বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰে কেৱল জনসাধাৰণৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰে বুলিও উল্লেখ কৰিলে মন্ত্ৰী পেগুৱে ।  

উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীতো গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে (Republic Day celebrates in Delhi) । দেশ-বিদেশৰ বহু নেতাক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল । ইজিপ্তৰ ৰাষ্ট্ৰপতি এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি । ইফালে এইবাৰৰ পেৰেডত অসমৰ কামাখ্যা মন্দিৰ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতীকপট পৰ্দৰ্শন কৰা হয় । ইতিমধ্যে এই গৌৰৱময় ক্ষণৰ সাক্ষী হ'ল সমগ্ৰ দেশৰ লগতে অসমৰ জনসাধাৰণো ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.